“৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ এই মূল্যাংকন কাৰ্যসূচী ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব য’ত ৩৯,৬৩,৫৪২ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হ’ব।“ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
তেওঁ কয় –“ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নীতকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈছিল ‘গুণোৎসৱ’। পূৰ্বৰ বৰ্ষবোৰত গুণোৎসৱৰ ফলাফলে প্ৰমাণ কৰিছে যে শিক্ষাৰ গুণগত মান উত্তৰণত শিক্ষা বিভাগৰ প্ৰয়াস ক্ৰমাগতভাৱে সফলতাৰ দিশে অগ্ৰসৰ হৈছে। অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ‘গুণোৎসৱ ২০২৪’ সফলতাৰে সম্পন্ন কৰাৰ বাবে মই অসমৰ প্ৰতিখন বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষা বিভাগৰ লগতে এই মূল্যাংকন প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে আন্তৰিকতাৰে আহ্বান জনাইছোঁ।“
উল্লেখ্য যে ৩ জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব গুণোৎসৱ। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ মুঠ ১২ খন জিলাক সামৰি ল’ব। এই জিলাকেইখন ক্ৰমে বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাওঁ, শিৱসাগৰ, দক্ষিণ শামৰা-মানকাচৰ আৰু ওদালগুৰি। এই জিলা কেইখনত ৩ জানুৱাৰীত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন আৰু৪ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বহিঃমূল্যায়ন অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়ত ৯ জানুৱাৰীত আভ্যন্তৰীণ আৰু অহা ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বহিঃমূল্যায়ন হ’বলগীয়া জিলাকেইখন হৈছে- বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্র’), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰ।
আনহাতে অহা ৫ ফেব্ৰুৱাৰীত আভ্যন্তৰীণ আৰু অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন হ’বলগীয়া জিলাকেইখন হৈছে- বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং।
এইবাৰৰ গুণোৎসৱত ১৮০৯৮ গৰাকী বহিঃমূল্যায়নকাৰী নিয়োজিত কৰা হ’ব।