VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপি চৰকাৰৰ উন্নয়নৰ গংগা নহয়, এজাক বৰষুণতে বৈ গ’ল আভিজাত্য, আজিও জলবন্দী মহানগৰবাসী

voicedesk by voicedesk
August 6, 2024
in মুখ্য সংবাদ
বিজেপি চৰকাৰৰ উন্নয়নৰ গংগা নহয়, এজাক বৰষুণতে বৈ গ’ল আভিজাত্য, আজিও জলবন্দী মহানগৰবাসী
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

এজাক বৰষুণতে পুনৰ উটি গ’ল গুৱাহাটী মহানগৰীৰৰ আভিজাত্য ৷ গুৱাহাটীত বিজেপি চৰকাৰৰ উন্নয়নৰ গংগা নহয় কৃত্ৰিম বানৰ বিভিষীকাময় পৰিস্থিতি পৰিলক্ষিত হয় ৷ কালি বিয়লি প্ৰায় দুঘণ্টাজোৰা বৰষুণৰ পাছত সৃষ্টি হোৱা অবর্ণনীয় পৰিস্থিতিৰ আজিও শাম কটা নাই ৷ আনকি বান পৰিস্থিতিৰ বাবে আজি বন্ধ ৰাখিবলগীয়া হ’ল সকলো শিক্ষানুষ্ঠান  ৷ অনিল নগৰ , নবীন নগৰ, হাতীগাঁও, ৰুক্মিণীগাঁওকে ধৰি গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল আজিও জলমগ্ন হৈ আছে ৷

সোমবাৰে বিয়লি ৩ বজাত অহা বৰষুণৰ পিছতে পুৱতি নিশালৈ ৩ বজা পৰ্যন্ত যান-জঁট সৃষ্টি হয়। নিশা গুৱাহাটীৰ ৰাজপথত সৃষ্টি হ’ল সৰ্ববৃহৎ যান-জঁট। কেৱল নিশাই নহয়, গুৱাহাটীৰ ৰাজপথত পুৱা পর্যন্ত দেখা গ’ল তীব্ৰ যান-জঁট।

নিমিষতে মহাসাগৰত পৰিণত হ’ল গুৱাহাটী মহানগৰ। ৰাজপথে ৰাজপথে সৃষ্টি হ’ল অভাৱনীয় পৰিস্থিতি। স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জনজীৱন। কৃত্ৰিম বানৰ বাবে স্তব্ধ হৈ পৰিল পথ মহানগৰবাসীৰ যোগাযোগ। কৃত্ৰিম বানত দীৰ্ঘসময় আৱদ্ধ হৈ পৰিল স্কুলবাছকে ধৰি অসংখ্য যান-বাহন। কৃত্ৰিম বানৰ বাবে বিলাই বিপত্তি নোহোৱা হৈছে মহানগৰবাসীৰ। কৃত্ৰিম বানেৰে একাকাৰ হৈ পৰে ৰাজপথ, নলা-নৰ্দমা আৰু ঘৰ-বাৰী।

নিশাও ৰাজপথত আবদ্ধ হৈ পৰিল এম্বুলেঞ্চ।ঘণ্টাৰ পিছত ঘণ্টা পৰ্যন্ত ৰাজপথতে আবদ্ধ হৈ থাকিল হাজাৰ হাজাৰ যান-বাহনৰ লগতে লোক।

ইফালে এজাক বৰষুণে উদঙালে গুৱাহাটীৰ বিকাশ । এজাক বৰষুণে উদঙালে গুৱাহাটী মহানগৰীক কৃত্ৰিম বান ৰোধ কৰাৰ মন্ত্ৰী অশোক সিংহলৰ দম্ভ।

 

নিশা যান-জঁট নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ যানবাহন আৰক্ষী। বৰষুণৰ পিছতে হোৱা যান-জঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী আৰক্ষীৰ হাতত নাছিল কোনো সুপৰিকল্পিত ব্যৱস্থা। যাৰ ফলত নিশা বাহনৰ ভিতৰতে আবদ্ধ হৈ থাকিল বহু লোক। নিশা যানজঁটত আবদ্ধ হৈ থাকিল কেইবাখনো এম্বুলেঞ্চকে ধৰি স্কুল বাছ। ইফালে আজিও কৰ্মস্থলীলৈ ওলাই আহি জনতাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উপায়বিহীন হৈ বানত ভিতগ্ৰস্ত গুৱাহাটীবাসীয়ে চৰকাৰৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ।

Previous Post

ৰাফেল যুঁজাৰু বিমানৰ সুৰক্ষাৰে ভাৰতত প্ৰৱেশ কৰিছিল শ্বেখ হাছিনাই, বাংলাদেশৰ ঘটনাৰ আঁৰত পাকিস্তান জড়িত থকাৰ আংশকা ?কোনে চম্ভালিব বাংলাদেশৰ শাসন ?

Next Post

শ্বেখ হাচিনাই ব্ৰিটেইন-আমেৰিকাসহ কোনো দেশতে বিচৰা নাই আশ্ৰয়, স্পষ্ট কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰই

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
শ্বেখ হাচিনাই ব্ৰিটেইন-আমেৰিকাসহ কোনো দেশতে বিচৰা নাই আশ্ৰয়, স্পষ্ট কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰই

শ্বেখ হাচিনাই ব্ৰিটেইন-আমেৰিকাসহ কোনো দেশতে বিচৰা নাই আশ্ৰয়, স্পষ্ট কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7