পানবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয় গৃহ খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা হ’ব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বৰ্তমান এই কাৰ্য্যালয়সমূহ থকা ঠাইবোৰ অত্যন্ত ঠেক পৰিসৰৰ। যাৰ বাবে বহু ক্ষেত্ৰত অসুবিধাই দেখা দিয়ে। গতিকে সুবিধাৰ বাবে ৩ বিঘা মাটিত প্ৰকল্প নিৰ্মানৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে গুৱাহাটীৰ ভঙাগড়ৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় স্থানান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। খানাপাৰাৰ ভূমি পৰিদৰ্শনৰ পাছতে ৰূপনগৰত উপস্থিত হৈ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।
১০ বিঘা মাটিত নিৰ্মাণ হ’বলগীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ লগতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ উপ পঞ্জীয়কৰ কাৰ্য্যালয়ো নিৰ্মাণ কৰা হ’ব। তেতিয়া তাত একেলগে ২০০ খন গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা কৰিব পৰা যাব। এই প্ৰকল্প নিৰ্মাণৰ বাবদ প্ৰায় ৪০-৫০ কোটি টকা খৰছ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
অসমৰ জীৱনৰেখা ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰৰ সৌন্দর্য বৰ্ধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। লগতে বহুকেইটা আৰক্ষীৰ আৱাসগৃহৰ পুনৰ নির্মাণৰ ঘোষণা কৰাৰ উপৰিও ১০০ বছৰৰ পুৰণি কেইবাটাও আৱাসগৃহ সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে ১০০ বছৰৰ পুৰণি আৱাসৰ বাহিৰে বাকী আৱাসসমূহ অতি শীঘ্ৰেই ভঙাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেখেতে শ্বহীদ আৰক্ষীৰ স্মৃতিত স্মাৰক নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে।