কালি গুৱাহাটী আৰক্ষীয়ে পল্টন বজাৰ এলাকাৰ এখন হোটেলত আতক কৰে জাল নোট তৈয়াৰী চক্ৰৰ সৈতে জড়িত দুজন ব্যক্তিক ৷
জানিবপৰা মতে ব্যক্তি দুগৰাকী হ’ল মণিপুৰৰ তেনুচুবাম লিচেম্বা মেইটেই আৰু নেপ্ৰাম চ’মেন্দ্ৰ সিং৷ ধৃত দুয়ো গৰাকীৰ পৰা আৰক্ষীয়ে ইতিমধ্যে ২০খন ৫০০টকীয়া জাল নোট আৰু দুটাকৈ মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
এই সন্দৰ্ভত পল্টন বজাৰ আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে৷ ধৃত দুই গৰাকী জাল নোট তৈয়াৰ কৰা এক বৃহৎ চক্ৰৰ সৈতে জড়িত হৈ থকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ জানিবলৈ দিছে৷