কেন্দ্ৰীয় চৰকাৰে আজি আনুষ্ঠানিকভাৱে গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় চৌহদ স্থাপনৰ অধিসূচনা জাৰি কৰে ৷ গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক আনুষ্ঠানিক অধিসূচনাত এইদৰে উল্লেখ কৰে- “ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় আইন, ২০২০ (২০২০ চনৰ ৩২) ধাৰা ৪ৰ উপ-ধাৰা (৪)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দ্বাৰা অৱগত কৰে যে ভুপাল (মধ্য প্ৰদেশ), ধৰৱাদ (কৰ্ণাটক), আৰু গুৱাহাটী (অসম)ত স্থাপন কৰা চৌহদসমূহ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ চৌহদ হিচাপে অন্তৰ্ভুক্ত হ’ব।”
এক্স(টুইটাৰ)ত এই খবৰটো প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ অপৰাধমূলক তদন্তক আধুনিকীকৰণৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে।
Deeply thankful to the Hon’ble Prime Minister and Hon’ble Home Minister for officially giving a National Forensic Sciences University campus in Guwahati. A significant step towards modernizing criminal investigation in our region. @PMOIndia @HMOIndia pic.twitter.com/N5k6vQkVwF
— Himanta Biswa Sarma (@himantabiswa) August 23, 2023
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মে’ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰিছিল। এই ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে ৫০ একৰ ভুমি প্ৰদান কৰিছে ৷