২০২৩চনৰ জানুৱাৰীলৈকে অব্যাহত থাকিব গুৱাহাটী-কলকাতাৰ বিশেষ ৰে’লখনৰ যাত্ৰা ৷ কিয়নো ৰে’ল যাতায়তৰ ক্ষেত্ৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ, পূৱ ৰে’লৱেয়ে গুৱাহাটী-কলকাতাৰ এই বিশেষ ৰে’লখন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।
এক চৰকাৰী বিজ্ঞপ্তিঅনুসৰি, ০২৫১৮ নম্বৰৰ বিশেষ ৰে’লখন ২৮ জানুৱাৰী, ২০২৩ লৈকে গুৱাহাটী আৰু কলকাতাৰ মাজত দুই সপ্তাহৰ অন্তৰে অন্তৰে চলি থাকিব।
সময়সূচী অনুসৰি, ৰে’লখনে প্ৰতি বুধবাৰে আৰু শনিবাৰে নিশা ৯ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰিব আৰু বৃহস্পতিবাৰে আৰু দেওবাৰে আবেলি ৩ বজাত কলকাতাত উপস্থিত হ’ব।
একেদৰে, কলকাতাৰ পৰা ই প্ৰতি বৃহস্পতিবাৰে আৰু দেওবাৰে নিশা ৯.৪০ বজাত গুৱাহাটীলৈ ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে শুক্ৰবাৰে আৰু সোমবাৰে আবেলি ৩.৫৫ বজাত আহি গুৱাহাটীত উপস্থিত হ’ব।
যাত্ৰীসকলে অনলাইন আৰু অফলাইন দুই ধৰণেৰে ৰে’লখনৰ টিকট বুক কৰিব পাৰিব। অৱশ্যে ৰে’লখনৰ ক্ষেত্ৰত তৎকাল (জৰুৰীকালীন) বুকিং অনুমোদিত নহয় আৰু এক বিশেষ মাচুল আৰোপ কৰা হয়।