মহানগৰীৰ মাজমজিয়াত দিনদুপৰতে ৰঞ্জিত বৰা নামৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰা দুবৃর্ত্তৰ সন্ধান উলিওৱাত চূড়ান্ত ব্যর্থ হৈছে মহানগৰ আৰক্ষী ৷ এই হত্যাকাণ্ডৰ ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো হত্যাকাৰীৰ শুংসূত্ৰ উলিয়াব নোৱাৰা কার্যই মহানগৰীৰ স্মার্ট আৰক্ষীৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷ এই হত্যাকাণ্ডৰ পাছতে হত্যাকাৰীৰ সন্ধান উলিওৱাৰ বাবে সাধাৰণ নাগৰিকৰ সহায় ল’বলগীয়া হৈছে ৷ হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে ৷ আজি মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২১ নৱেম্বৰত পাঞ্জাবাৰীত গুলীয়াই হত্যা কৰা ৰঞ্জিত বৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা তথ্যৰ বাবে গুৱাহাটী আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব ৷ 6026901247 নম্বৰত যিকোনো লোকে তথ্য প্ৰকাশ কৰিব পাৰিব ৷ তথ্যদাতাৰ পৰিচয় গোপনে ৰখা হ’ব বুলিও আৰক্ষীয়ে সদৰী কৰিছে ৷ যোৱা ২১ নৱেম্বৰত পাঞ্জাবাৰীত পুৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক দুবৃর্ত্তই গুলীয়াই হত্যা কৰিছিল ৷