গুৱাহাটী আৰক্ষীয়ে মঙলবাৰে দিল্লীৰ পৰা আটক কৰে গুৱাহাটী মহানগৰীৰ পাটাৰকুচিত সংঘটিত ভয়ংকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক ।জানিব পৰা মতে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ এটা দলে যোৱা নিশা দিল্লীৰ পৰা ৰাজু দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।মন কৰিবলগীয়া যে ১৯ জুনত গুৱাহাটীৰ পাটাৰকুচিৰ ওচৰৰ টেংগাখালৰ এটা বন্ধ কোঠাৰ পৰা অৰ্ধ-গলিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল পুজন দে নামৰ এজন ই-ৰিক্সা চালকৰ মৃতদেহ ।
ভুক্তভোগীৰ সৈতে থকা দাসক সন্দেহৰ আৱৰ্তত ৰখা হৈছিল যদিও মৃতদেহ উদ্ধাৰ হোৱাৰ প্ৰায় তিনি দিন আগতেই তেওঁ হঠাৎ অন্তৰ্ধান হৈছিল ।
আনহাতে আৰক্ষীয়ে ক্ষয়হোৱা মৃত শৰীৰৰ কঁপালত আক্ৰমণৰ চিহ্ন দেখা পাইছিল আৰু পৰৱৰ্তী অনুসন্ধানত প্ৰকাশ পাইছিল যে মৃত পুজন দেক এডাল ৰডেৰে আঘাত কৰা হৈছিল যাৰ ফলত মৃত্যু হৈছিল তেওঁৰ ।
অৱশ্যে এই হাত্যাকাণ্ডৰ মুল অভিযুক্ত ৰাজু দাসক দিল্লীৰ পৰা এমাহৰ বিৰতিৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ তেওঁক গুৱাহাটীলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে আৰু আজি সন্ধিয়াৰ ভিতৰত তেওঁ আহি পাব বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে।
উক্ত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত, স্থানীয় লোকে অভিযোগ কৰিছিল যে ৰাজু দাস ওৰফে হীৰক সুৰামত্ত অৱস্থাত ঘৰলৈ অহাৰ পিছত তেওঁলোকে প্ৰায়ে যুটিটোৰ কাজিয়া কৰাৰ শব্দ শুনিছিল।