কুম্ভীলক বৃত্তিৰে বৌদ্ধিক জগতত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰি বহুলোকে মাজে সময়ে আনৰ চিন্তা আৰু কষ্টৰ ফচলক নিজৰ নামত প্ৰকাশ কৰাৰ অপচেষ্টা কৰা দেখা যায়। এনে ধৰণৰ অভিযোগ নতুন নহয়। অসমীয়া সাহিত্যৰ আদিকালছোৱাৰ সত্য-অসত্য বহু কাহিনীও ৰাইজৰ মুখে মুখে প্ৰচলিত। আনহে নালাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বনজুইয়ে পোৰা বৰগীতৰ অংশও সেই সময়ত তেখেতৰ কোনো শিষ্য-প্ৰশিষ্যই নিজৰ কৰি লৈছিল বুলি অভিযোগ আছে।
সম্প্ৰতি কুম্ভীলক বৃত্তিৰ অভিযোগ উত্থাপন কৰিছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জ্যোতিময় জানাই। জানাই বিশিষ্ট সাহিত্যিক-সমালোচক ৰঞ্জিত দেৱগোস্বামীৰ প্ৰেৰণাত “ৰুদ্ৰৰাম বৰদলৈৰ বঙ্গাল বঙ্গালনী নাটক, মূল নাটক আৰু আলোচনা” গ্ৰন্থখন কঠোৰ শ্ৰমেৰে সম্পাদনা কৰিছিল।
২০১৪ চনত ভবানী বুকছে প্ৰকাশ কৰা গ্ৰন্থখন ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে পাঠ্যপুথি হিচাপে গ্ৰহণ কৰিছিল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰফুল্ল কুমাৰ নাথে নিজৰ গ্ৰন্ত্ৰস্বত্ব আইন ভংগ কৰি নিজৰ এখন গ্ৰন্থ জ্যোতিময় জানাৰ গ্ৰন্থৰ সমল আৰু ভাষাৰেই প্ৰকাশ কৰিছে বুলি অভিযোগ দিছে স্বয়ং জ্যোতিময় জানাই।
অধ্যাপক জানাই এই সন্দৰ্ভত নগাঁও সদৰ থানাত অধ্যাপক নাথ আৰু গুৱাহাটী পান বজাৰৰ গ্ৰন্থ বিক্ৰেতা তথা প্ৰকাশক বুকলেণ্ড তথা আদিত্য বুক ডিষ্ট্ৰিবিউটৰৰ বিৰুদ্ধেও নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
এই এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছে। ইয়াৰ লগতে অধ্যাপক জানাই কুম্ভীলক বৃত্তিত জড়িত থকাৰ অভিযোগ তুলি ড° প্ৰফুল্ল কুমাৰ নাথৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ৰাজ্যপাললৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।
এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে দুই দশকৰো পূৰ্বে প্ৰসিদ্ধ নাট্যকাৰ ৰুদ্ৰৰাম বৰদলৈয়ে ৰচনা কৰা “বঙ্গাল বঙ্গালনী” নাটখন এক শতিকাজুৰি কোনেও বিচাৰি পোৱা নাছিল। ঊনবিংশ শতিকাৰ এই গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ সম্পাদনা ড° জানাৰ জীৱনৰ এক বিশেষ কৃতী। গ্ৰন্থখনৰ ক্ষেত্ৰত সংঘটিত অনিয়ম কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি জানাই মন্তব্য কৰিছে।