গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট বুদ্ধিজীৱি হাইদৰ হুছেইন ৷ অৱশ্যে সম্প্ৰতি তেওঁ বিপদমুক্ত বুলি প্ৰকাশ কৰিছে চিকিৎসকে ৷ ১৭ জুলাইত নিজ বাসগৃহৰ স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল বিশিষ্ট চিন্তাবিদ গৰাকী। লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল ।
বিগত ৫ দিনে আই চি ইউত ৰখা পাছত সোমবাৰে তেওঁক জিএমচিএইছৰ কেবিনলৈ অনা হয়। বৰ্তমান বিপদমুক্ত ৮৩ বছৰীয়া হাইদৰ হুছেইন। আনহাতে বিশিষ্ট সাংবাদিক গৰাকীৰ অসুস্থতাক লৈ চিন্তিত হৈ পৰে ৰাজ্যবাসী। সকলোৱে একেমুখে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।