হাইলাকান্দি জিলা পৰিবহণ বিষয়া অপু মজুমদাৰক কৰ্তব্যত গাফিলতি কৰাৰ বাবে নিলম্বন কৰা হৈছে ৷ এক নিৰ্দেশত পৰিবহণ বিভাগৰ সচিব আদিল খানে জিলা পৰিবহণ বিষয়া অপু মজুমদাৰক তাৎক্ষণিক ভাৱে নিলম্বন কৰিছে ৷ উল্লেখযোগ্য যে ১৫ জুনত হাইলাকান্দি জিলা পৰিবহণ বিষয়া অপু মজুমদাৰে কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে জিলা সদৰ ত্যাগ কৰিছিল ৷ তেওঁৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া অব্যাহত আছে আৰু অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪ৰ নিয়ম ৬(১) (ক)ৰ অধীনত বিষয়া গৰাকীক তাৎক্ষণিক ভাৱে নিলম্বিত কৰা হৈছে।
হাইলাকান্দিৰ তদানীন্তন উপায়ুক্ত ৰোহন কুমাৰ ঝাই পৰিবহণ কৰ্তৃপক্ষক জনায় যে জিলা কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে ডিটিঅ’ মজুমদাৰে মুখ্য কাৰ্যালয় এৰি হাৰিয়ানাৰ গুৰুগ্ৰামলৈ গৈছিল ।
ইফালে, পৰিবহণ বিভাগৰ সচিব আদিল খানে জিলা পৰিবহণ কাৰ্যালয় চলাবলৈ সহকাৰী আয়ুক্ত পদবীৰ এজন বিষয়া নিযুক্ত কৰিবলৈ জিলা কৰ্তৃপক্ষক নিৰ্দেশ দিছে।