আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা দহ বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হ’ল হাইমাদ্ৰাছা পৰীক্ষাৰো ৷ হাইমাদ্ৰাছা পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছিল ৩৮৭০গৰাকী ছাত্ৰ আৰু ৬৫৮৪গৰাকী ছাত্ৰী ৷ আনহাতে হাইমাদ্ৰাছা পৰীক্ষাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ ৷
২০২২ বৰ্ষৰ হাইমাদ্ৰাছাৰ শীৰ্ষ তিনিটা স্থানৰ এইবাৰ প্ৰথম স্থানত আছে মুফাচিৰ অল হাছান(৫৫৬)৷ তেওঁ শোণিতপুৰৰ অল কাওচেৰ মডেল একাডেমীৰ ছাত্ৰ ৷ আনহাতে দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ ধাকোৱা হাইস্কুলৰ চিদিকা আহমেদ (৫৫০) আৰু বৰপেটাৰ পীৰাধৰা হাইস্কুলৰ মুষ্টাক আহমেদে(৫৫০)৷ তৃতীয় স্থান লাভ কৰিছে লখিমপুৰৰ দৌলতপুৰ মাদ্ৰাছা এইচ এছ স্কুলৰ শ্বাহানাজ পাৰবীন(৫৪৯) আৰু নগাঁৱৰ বৰঘূলী হাইস্কুল হাই মাদ্ৰাছাৰ ইৰছাদুল্লাহে (৫৪৯) ৷
আনহাতে ২০২২বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে লখিমপুৰ চেইণ্ট মেৰীজ হাইস্কুলৰ ৰক্তোৎপল শইকীয়াই ৷ ৰক্তোৎপলে সৰ্বমুঠ ৫৯৭ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৫গৰাকী পৰিক্ষাৰ্থীয়ে শীৰ্ষ ১০ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷