ভাৰত আৰু ছৌদি আৰৱৰ কভিদ বিধি অনুযায়ী এইবাৰ হজ যাত্ৰা নিৰ্ভৰ কৰিব। ভাৰতৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে হজ পৰ্যালোচনা বৈঠকত কয় যে কভিদ টিকাকৰণৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিছে এইবাৰ হজ যাত্ৰী নিৰ্বাচন কৰিব।
প্ৰতি বছৰে লটাৰী যোগে হজ যাত্ৰী নিৰ্বাচন কৰা হয়। এইবাৰ বহুতো পুৰুষৰ লগতে মহিলাৰ আবেদন বৃদ্ধি পাইছে। ২০২০ আৰু ২০২১ বৰ্ষত আবেদন কৰা ৩০০০ মহিলাক ভাৰত চৰকাৰে ২০২২ চনত হজ যাত্ৰাৰ বাবে পঠিয়াব বুলি উল্লেখ কৰে। হজ যাত্ৰা সমন্ধে পৰৱৰ্তী নিৰ্দেশনা নৱেম্বৰ মাহৰ প্ৰথম ভাগত প্ৰকাশ পাব বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে।