ছৌদি আৰৱত হজ যাত্ৰাত শ শ হজযাত্ৰীৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যাই হাজাৰৰ সীমা অতিক্ৰম কৰিলে। ছৌদি চৰকাৰে প্ৰকাশ কৰা অনুসৰি অত্যধিক গৰমৰ বাবেই ইমানবোৰ লোকৰ মৃত্যু হৈছে। গৰমত খোজ কঢ়াৰ সময়ত বহু লোক অসুস্থ হৈ পৰে। একাংশৰ ৰাজপথত মৃত্যু হয়, আন কোনোবাই চিকিৎসালয়ত মৃত্যুবৰণ কৰে। স্বাস্থ্য মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে যে বৰ্তমান ছৌদি আৰৱৰ বিভিন্ন চিকিৎসালয়ত আৰু ৯৫ জন লোক চিকিৎসাধীন হৈ আছে।
দেওবাৰে হজৰ সময়ত হজযাত্ৰীৰ মৃত্যু সন্দৰ্ভত ছৌদি চৰকাৰে এক বিবৃতি প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী ফাহদ বিন আব্দুৰহমান আল জালাজেলে কয় যে চৰকাৰী তথ্য অনুসৰি হজৰ সময়ত ১৩০১জন বিদেশী হজযাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে বহুতৰে হজ্জৰ পিছত মৃত্যু হয়। মক্কাত এতিয়াও একাংশ লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, একাংশ ৰোগীক জৰুৰীকালীন ভিত্তিত ৰাজধানী ৰিয়াধলৈও বিমানযোগে লৈ যোৱা হৈছে।
ছৌদি চৰকাৰৰ পৰিসংখ্যা অনুসৰি মৃত ১৩০১ জন হজযাত্ৰীৰ ভিতৰত ৬৬০ জন ইজিপ্তৰ ৷ইয়াৰে ৩১ জনৰ বাহিৰে কোনো এজনৰ যাৱতীয় অনুমতি নাছিল। অনুমতি অবিহনে ছৌদি আৰৱলৈ ইমানবোৰ মানুহ কেনেকৈ গৈছিল বুলি প্ৰশ্ন উত্থাপন হৈছে। এই আটাইকেইজন তীৰ্থযাত্ৰীৰ বাবে হজৰ ব্যৱস্থা কৰাৰ অভিযোগত ইজিপ্ত চৰকাৰে দেশৰ ১৬টা ট্ৰেভেল এজেন্সীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ইজিপ্তৰ পৰা অনুমতি লৈ এইবাৰ ৫০ হাজাৰৰো অধিক লোক মক্কালৈ গৈছিল।
অকৰ্তৃত্বশীল তীৰ্থযাত্ৰীৰ বিৰুদ্ধেও ছৌদি চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অনুমতিৰ অভাৱত বহু লোকে খোজকাঢ়ি মক্কা পাব লগা হৈছিল। তেওঁলোকৰ থাকিবলৈ হোটেল নাছিল। ফলত ৰাস্তাত সময় কটাবলগীয়া হ’ল। তীব্ৰ উত্তাপ তাত অসহ্যকৰ হৈ পৰিছিল। সেইবাবেই ইমানবোৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷
ইজিপ্তৰ বাহিৰে আন দেশৰ হজযাত্ৰীৰো হজত মৃত্যু হৈছে। ইণ্ডোনেছিয়াৰ ১৬৫ জন, ভাৰতৰ ৯৮ জন লোকৰ হজত মৃত্যু হৈছে। ইয়াৰ উপৰিও জৰ্ডান, টিউনিছিয়া, মৰক্কো, আলজেৰিয়া, মালয়েছিয়াৰ লোকো এই তালিকাত আছে। হজত মৃত্যু হয় দুই আমেৰিকান নাগৰিকৰ।