গীতিকা শ্ৰীবাস্তৱ ইছলামবাদত ভাৰতীয় উচ্চায়ুক্তৰ পৰৱৰ্তী মুৰব্বী (চাৰ্জ ডি এফেয়াৰ্ছ)হিচাপে নিযুক্তি দিয়া হৈছে । শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ভাৰত-পাক কূটনীতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চায়ুক্তৰ দৰে শীৰ্ষ পদত থাকিব এগৰাকী মহিলা কূটনীতিবিদক নিযুক্তি দিয়া হৈছে ।
২০০৫ চনৰ বেচ আই এফ এছ (ভাৰতীয় বৈদেশিক সেৱা) বিষয়া গীতিকা বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল)ৰ পদত অধিষ্ঠিত। চৰকাৰী সূত্ৰ অনুসৰি ইছলামবাদত বৰ্তমানৰ ভাৰতীয় চাৰ্জ ডি এফেয়াৰ্ছ সুৰেশ কুমাৰ অতি সোনকালে দিল্লীলৈ উভতি আহিব। তেওঁৰ ঠাইত গীতিকাক নিযুক্তি দিয়া হ’ব।
প্ৰসংগক্ৰমে দ্বিপাক্ষিক কূটনৈতিক সংঘাতৰ সময়ত ২০১৯ চনৰ আগষ্টৰ পৰা ‘উচ্চায়ুক্ত’ পদ বাতিল কৰা হৈছিল। জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত ইছলামবাদৰ কূটনৈতিক কাৰ্যকলাপৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ উচ্চায়ুক্তৰ পৰিৱৰ্তে উচ্চায়ুক্তৰ শীৰ্ষ পদ হিচাপে চিনাক্ত কৰা হৈছে চাৰ্জ ডি এফেয়াৰ্ছ। প্ৰসংগক্ৰমে শেহতীয়াকৈ ছলমান শ্বৰীফৰ ঠাইত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰ হিচাপে নিযুক্তি দিছে ছাদ ৱাৰিচে। তেওঁ পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ আফগানিস্তান, ইৰাণ আৰু তুৰস্ক ডেস্কৰ সঞ্চালক আছিল।