প্ৰথমবাৰৰ বাবে পাকিস্তান সীমান্তত নিয়োজিত ভাৰতীয় বায়ুসেনাৰ ‘ফ্ৰন্টলাইন কম্বেট ইউনিট’ৰ দায়িত্ব দিয়া হৈছে এগৰাকী মহিলা বিষয়াক। বায়ুসেনাৰ পশ্চিম কমাণ্ডৰ এটা মিছাইল ইউনিটৰ নেতৃত্বত আছে গ্ৰুপ কেপ্তেইন শ্বালিজা ধামী।
পঞ্জাৱৰ লুধিয়ানাৰ কন্যা শ্বালিজাই ২০০৩ চনত ভাৰতীয় বায়ুসেনাত কম্বেট হেলিকপ্টাৰ পাইলট হিচাপে যোগদান কৰে। ২৮০০ ঘণ্টাৰো অধিক কপ্টাৰ উৰণৰ অভিজ্ঞতা থকা মহিলা বিষয়াগৰাকীয়ে দীৰ্ঘদিন ধৰি সীমান্ত পাকত নিয়োজিত ইউনিটত সেৱা আগবঢ়াই আহিছে। তেওঁ বায়ুসেনাত উৰণৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বুধবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। তাৰ আগতে বায়ুসেনাই শ্বালিজাৰ নতুন দায়িত্বৰ কথা ঘোষণা কৰিছিল।
চলিত মাহত ভাৰতীয় বায়ুসেনাই পূব আৰু পশ্চিম খণ্ডৰ বিভিন্ন ‘ফ্ৰন্টলাইন কম্বেট ইউনিট’ত মহিলা বিষয়া নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, সেই সিদ্ধান্ত অনুসৰি এটা মিছাইল ইউনিটৰ ‘কমাণ্ড’ শ্বালিজাৰ হাতত অৰ্পণ কৰা হৈছে। প্ৰসংগক্ৰমে কেইবছৰমান পূৰ্বে ভাৰতীয় বায়ুসেনাই প্ৰথম মহিলা পাইলট হিচাপে ৰাফেল যুদ্ধ বিমান উৰুৱাবলৈ ফ্লাইট লেফটেনেণ্ট শিৱাংগী সিঙক মনোনীত কৰিছিল।