আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে হনুমান জয়ন্তী। হিন্দু ধৰ্মাৱলম্বী লোকসকলে হনুমানৰ জন্ম দিনটো অতীজৰে পৰা হনুমান জয়ন্তী হিচাপে উদযাপন কৰি আহিছে । হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয় ৷ তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।
অধিকাংশই চ’ত পূৰ্ণিনাত হনুমান জয়ন্তী পালন কৰে ৷ এই উপলক্ষে ৰাজ্যৰ হনুমান মন্দিৰসমূহত বিশেষ কার্যসূচীৰ আয়োজন কৰা হৈছে ৷ ধর্মীয় ৰীতি নীতি অনুসৰি মন্দিৰে মন্দিৰে হনুমান জয়ন্তীৰ আয়োজন কৰিছে ৷ তদুপৰি পুৱাৰে পৰা মন্দিৰসমূহত দেখা গৈছে ভক্তৰ ভিৰ ৷ সকলোৱে হনুমানৰ মূর্ত্তিৰ সন্মুখত ধূপ চাকি জ্বলাই আশীষ গ্ৰহণ কৰে ৷
গুৱাহাটী মহানগৰীৰো বিভিন্ন স্থানত আয়োজন কৰা হৈছে হনুমান জয়ন্তী ৷মহানগৰীৰ বিভিন্ন স্থানত থকা হনুমান মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হয় ।গণেশগুৰি, নিউ গুৱাহাটী আদিকে ধৰি বিভিন্ন হনুমান মন্দিৰত হনুমান জয়ন্তী অনুষ্ঠিত হৈছে ।