আজি দেশৰ এগৰাকী সবল নেত্ৰী, ইটালিৰ জীয়ৰি ভাৰতৰ প্ৰখ্যাৎ গান্ধী পৰিয়ালৰ বোৱাৰী ছোনিয়া গান্ধীৰ ওপজা দিন৷ ১৯৪৬ চনত ইটালিৰ লুচিয়ানা ক’নকোত জন্ম গ্ৰহণ কৰা ছোনিয়া গান্ধী ১৯৬৮ চনত গান্ধী পৰিয়ালৰ সুযোগ্য সন্তান ৰাজীৱ গান্ধীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৷
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাভাপতি ছোনিয়া গান্ধী ডাঙৰ দীঘল হৈছিল এটা ৰোমান কেথলিক পৰিয়ালত আৰু স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ পৰৱৰ্তী সময়ত ইংলেণ্ডৰ কেমব্ৰিজত নাম ভৰ্তি কৰিছিল য’ত তেওঁ লগ পাইছিল তেওঁৰ জীৱন সংগী ৰাজীৱ গান্ধীক আৰু পৰৱৰ্তী সময়ত দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল৷ ভাৰতলৈ ভাৰতীয় বোৱাৰী হৈ অহাৰ সময়ত তেওঁৰ শাহু ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰধান মন্ত্ৰী ৷বিয়াৰ পিছৰ সময় ছোৱাত তেওঁ শাহুৰ সৈতে থাকিবলৈ লয় ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেওঁৰ স্বামী ৰাজীৱ গান্ধীৰ মৃত্যু পৰ্য্যন্ত তেওঁ ৰাজনীতিৰ পৰা সদায় নিজক নিলগাই ৰাখিছিল ৷ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছতো তেওঁ প্ৰথম অৱস্থাত ৰাজনৈতিক দলসমূহৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল ৷কিন্তু অৱশেষত ১৯৯৭চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে৷ এগৰাকী সুদক্ষ ৰাজনৈতিক নেতা হিচাপে আৰু সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰভাৱশালী নাৰী সকলৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ছোনিয়া গান্ধীৰ নাম ৷ ভাৰতৰ আগশাৰীৰ নেত্রী তথা এগৰাকী শক্তিশালী নাৰী ছোনিয়া গান্ধীৰ ওপজা দিনত তেওঁৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ ৷