আজি ভাৰতৰ এগৰাকী সমাজসেৱক তথা দেশৰ আগশাৰীৰ উদ্যোগপতি নীতা মুকেশ আম্বানীৰ আজি জন্মদিন। ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক এই গৰাকী নীতা আম্বানী, ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক। ১৯৮৫চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় তেওঁ ।
১৯৬৩ চনৰ ১ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত জন্ম গ্ৰহণ কৰা এইগৰাকী ভাৰতীয় নাৰীৰ পিতৃৰ নাম ৰবীন্দ্ৰভাই দালাল আৰু মাতৃৰ নাম পূৰ্ণিমা দালাল ৷ তেওঁৰ সম্পূৰ্ণ নাম নীতা মুকেশ আম্বানী।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ক্ৰিকেট দল মুম্বাই ইণ্ডিয়ানছৰ তেওঁ গৰাকী আৰু লগতে এগৰাকী কলা সংগ্ৰাহক। আনহাতে তেওঁ আন্তৰ্জাতিক অলিম্পিক কমিটি (আইঅচি)ৰ সদস্য হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। তেওঁ গ্ৰাছৰুট ক্ৰীড়াৰ ওপৰত তেওঁৰ উদ্যোগৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ‘ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন বঁটা ২০১৭’ লাভ কৰিছিল। ভাৰতীয় ক্ৰীড়াৰ শ্ৰেষ্ঠ কৰ্পোৰেট সমৰ্থকৰ বঁটা প্ৰাপক নীতা আম্বানীক ২০১৬ চনত ভাৰতৰ দ্বাৰা ‘পঞ্চাশজন উচ্চ আৰু শক্তিশালী ভাৰতীয়’ৰ তালিকাত আৰু ফৰ্বছৰ দ্বাৰা ‘এছিয়াৰ আটাইতকৈ প্ৰভাৱশালী মহিলা ব্যৱসায়িক নেতা’ৰ তালিকাভুক্ত কৰা হৈছিল।