আজি অসমৰ এজন জনপ্ৰিয় শিল্পী অংগৰাগ মহন্তৰ জন্মদিন৷ আজিৰ দিনটোতেই অসমৰ সাংস্কৃতিক জগতৰ ভোঁটাতৰা স্বৰূপ শ্ৰদ্ধাৰ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ সুৰীয়া পৃথিৱীখনত সংযোজিত হৈছিল আন এটি নাম- ৰাগৰ যি অংগ তেওঁৱেই ‘অংগৰাগ’ ৷
১৯৭৫ চনৰ ২৪ নৱেম্বৰৰ দিনটোতেই জন্ম হৈছিল অসমৰ নতুন প্ৰজন্মৰ এজন জনপ্ৰিয় গায়ক তথা শিল্পীৰ৷পাপন নামেৰে সমাদৃত অংগৰাগ মহন্ত সাম্প্ৰতিক সময়ৰ আটাইতকৈ জনপ্ৰিয় বলীউড গায়কসকলৰ ভিতৰত এজন হোৱাৰ লগতে এজন নেপথ্য গায়ক ,সুৰকাৰ, প্ৰযোজক, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমৰ এজন বহু-বাদ্যযন্ত্ৰবিদ। পাপনে অসমীয়া আৰু হিন্দীৰ বাহিৰেও বঙালী, তামিল, কানাড়া, পাঞ্জাৱী, মিছিং আৰু মাৰাঠী আদি বিভিন্ন ভাষাৰ গীতত কণ্ঠদান কৰিছে ৷
তেওঁ ‘ফ’ক ফিউজন বেণ্ড পাপন এণ্ড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী’ৰ মুখ্য গায়ক আৰু প্ৰতিষ্ঠাপক আছিল। পাপোনিষ্ট বুলি জনাজাত তেওঁৰ অনুগামীসকলক সামাজিক কাম আৰু সংস্কাৰ কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰি আহিছে। তেওঁ এটা বেচৰকাৰী সংস্থাৰ যোগেদি বিভিন্ন সমাজ কল্যাণমূলক কাম সমূহ কৰি আহিছে। পাৰিপাৰ্শ্বিক সমস্যাৰ ওপৰত কাম কৰাৰ লগতে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়তো তেওঁ মানুহক সহায় কৰি আহিছে।
কেৱল অসম বা ভাৰততেই নহয় সমগ্ৰ বিশ্বৰেই সাংস্কৃতিক জগতখনত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা অসমৰ সুযোগ্য সন্তান অংগৰাগ মহন্ত ,নতুন প্ৰজন্মৰ হিয়াৰ আমঠু পাপনৰ সু-স্বাস্থ্য কামনা কৰি তেওঁৰ ওপজাদিনত ‘VOICE 24X7’ৰ তৰফৰ পৰা যাঁচিলো হিয়াভৰা শুভকামনা৷