গুৱাহাটী মহানগৰীৰ তাৰিণী চৌধুৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘হৰ ঘৰ দস্তক-০২’ অভিযানৰ উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে কয় যে ,নতুন ভাইৰাছে দেখা দিলেও ৰাইজ শংকিত হোৱাৰ কাৰণ নাই। ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু আছে। ৰাইজৰ লগত আছে। নতুনকৈ দেখা দিয়া ‘ন’ৰ’ ভাইৰাছ কিমান শক্তিশালী সেই বিষয়ত ইতিমধ্যে চিন্তা চৰ্চা কৰি থকা হৈছে ৷ আনহাতে এতিয়ালৈ ৰাজ্যত মাংকীপক্সত কোনো লোক আক্ৰান্ত হোৱা নাই আৰু ইয়াৰ বাবেও স্বাস্থ্য বিভাগ সাজু আছে বুলি তেওঁ উল্লেখ কৰে।
‘হৰ ঘৰ দস্তক-০২’ অভিযানৰ জৰিয়তে সামৰি লোৱা হ’ব ১২ বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন লোকক। ৰাজ্যৰ প্ৰতিখন জিলাতে আজিৰে পৰা আৰম্ভ হৈছে এই অভিযান ৷ ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় পালিৰ উপৰি সময় মতে সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে ৰাজ্যজুৰি চলাব এই অভিযান। ১৫ দিনৰ ভিতৰত সৰ্বাধিক ভেকচিন প্ৰদানৰ লক্ষ্যৰে শুভাৰম্ভ কৰা এই অভিযানৰ প্ৰথম অভিযান আৰম্ভ হৈছিল ৯ মাহ পূৰ্বে ।
তথ্য অনুসৰি এই অভিযানৰ অধীনত বৰ্তমালৈকে ৪ কোটি ৫৩ লাখ ভেকচিন প্ৰদান কৰা হৈছে । ২ কোটি ৪২ লাখ লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰাৰ লগতে ২ কোটি ৭ লাখ লোকে দ্বিতীয় পালি আৰু ৪ লাখ ৭২ হাজাৰ লোকে তৃতীয় পালি গ্ৰহণ কৰিছে।আনহাতে দ্বিতীয় পালি ভেকচিন গ্ৰহণ নকৰাসকলক অতি সোনকালে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। দুয়োপালি ভেকচিন লোৱাসকলক তৃতীয় পালি ভেকচিন গ্ৰহণ কৰি কোভিডমুক্ত অসম গঢ়িবলৈ আহ্বান জনাইছে চৰকাৰে।