অৱশেষত নির্ধাৰিৰ গন্তব্যস্থানত উপস্থিত হ’ল উইংছ অৱ হাজৰিকাৰ বিমানখন ৷ বহু প্ৰত্যাহ্বান নেওচি শিৱসাগৰ পালে মুম্বাইৰ পৰা কঢ়িয়াই অনা বিমানখন ৷ বৃহস্পতিবাৰে বিমানখন শিৱসাগৰলৈ অনা হয় ৷
উল্লেখ্য যে ৰেষ্টুৰেণ্ট নির্মাণ কৰিবলৈ শিৱসাগৰৰ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকাই মুম্বাইৰ পৰা আনিছে এই এয়াৰ ইণ্ডিয়াৰ ৰিটায়ার্ড বিমানখন ৷ অৱশ্যে তেওঁ এই বিমানখন আনিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে ৷ কিয়নো ট্ৰেইলৰত অনাৰ সময়ত বহু স্থানত উৰণসেতু আৰু ৰেলগেট অতিক্ৰম কৰাৰ সময়ত বিমানখন লাগি ধৰাত যথেষ্ট অথন্তৰৰ সন্মুখীন হৈছিল ৷ কিন্তু সেই সকলো প্ৰত্যাহ্বান নেওচি তেওঁ বিমানখন অসমলৈ লৈ আহিছিল ৷
তেওঁৰ এই বিমানখন চাবলৈ বহুলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিটো স্থানতে এয়াৰবাচখন চাবলৈ জুম বান্ধি ৰাস্তাত অপেক্ষা কৰিছিল বহুলোকে ৷ বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হোৱাৰ পাছতে হৰি প্ৰসন্ন হাজৰিকাক বিপুল আদৰণি জনোৱা হয় ৷ শীঘ্ৰে এই এয়াৰবাচখনক এখন আটক ধুনীয়া ৰেষ্টুৰেণ্টলৈ ৰুপান্তৰিত কৰা হ’ব ৷ বিমানত যাত্ৰা কৰি নোপোৱা লোকসকলে এই বিমান ৰেষ্টুৰেণ্টত লাভ কৰিব বিমানৰ অভিজ্ঞতা ৷