VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে

voicedesk by voicedesk
November 24, 2023
in মুখ্য সংবাদ
দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ভূয়সী প্ৰশংসা কৰিলে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ কাম-কাজকো

দিছপুৰ, ২৩ নৱেম্বৰঃ দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান (DAY-NULM)ৰ সামাজিক সংগঠন আৰু প্ৰতিষ্ঠান উন্নয়ন উপাদানৰ অধীনত অসমৰ মহিলা আত্মসহায়ক গোটসমূহৰ কাৰ্য্যকৰী গতিশীলতাৰ বিষয়ে এক সম্যক অধ্যয়নৰ বাবে প্ৰধানমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে যোৱা ২০ আৰু ২১ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰে।

এই ভ্ৰমণৰ সময়ত অতিৰিক্ত সচিবগৰাকীয়ে ২০টা আত্মসহায়ক গোটেৰে গঠিত আলোড়ন এৰিয়া লেভেল ফেডাৰেচন, ৫টা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত ঈশ্বৰী ধূপকাঠী উৎপাদন গোট আৰু গুৱাহাটীৰ প্ৰয়াস আত্মসহায়ক গোটৰ কাম-কাজ সূক্ষ্মভাৱে পৰিদৰ্শন কৰে। অতিৰিক্ত সচিবগৰাকীয়ে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে অন্তৰংগতাৰে তেওঁলোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে সম্যক ধাৰণা লাভ কৰে।

তদুপৰি অতিৰিক্ত সচিব ৰাৱে গুৱাহাটীৰ নগৰীয়া গৃহহীনৰ আশ্ৰয়গৃহটিও (ছেল্টাৰ ফৰ আৰ্বান হোমলেছ) পৰিদৰ্শন কৰে। গুৱাহাটী পৌৰ নিগম আৰু ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সহযোগত পৰিচালিত এই আশ্ৰয়গৃহত ২০ গৰাকী লোকৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা আছে। ভ্ৰমণৰ সময়ত তেওঁ ষোল্লগৰাকী বয়োজ্যেষ্ঠ তথা শাৰিৰীকভাৱে অসুস্থ আৱাসীৰ সৈতে মত বিনিময় কৰে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিবগৰাকীৰ সৈতে ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ অভিযান সঞ্চালক পঞ্চমী চৌধুৰীকে ধৰি অন্যান্য বিষয়াসকলে উপস্থিত আছিল।

এই কাৰ্যসূচীৰ পূৰ্বে অতিৰিক্ত সচিবগৰাকীয়ে বাক্সা আৰু নলবাৰী জিলা ভ্ৰমণ কৰি জিলা দুখনত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু পিএম-স্বনিধি আঁচনিৰ বিস্তৃত পৰ্যালোচনা কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ অভিযান সঞ্চালক পঞ্চমী চৌধুৰীয়েও অংশগ্ৰহণ কৰে।

নিজৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিবগৰাকীয়ে অসমৰ মহিলা আত্মসহায়ক গোটসমূহৰ কাম-কাজত বিশেষভাৱে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ কাম-কাজৰো প্ৰশংসা কৰে আৰু সামাজিক সংগঠিতকৰণ তথা প্ৰাতিষ্ঠানিক উন্নয়নৰ ক্ষেত্ৰত সংস্থাটোৰ নিষ্ঠা আৰু প্ৰভাৱশালী কামৰ শলাগ লয়।

Previous Post

লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

Next Post

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7