অদম্য হেপাহ থাকিলে শাৰিৰীক বাধা কেতিয়াও প্ৰত্যাহ্বান হ’ব নোৱাৰে। সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিলে নেপালৰ হৰি বুঢ়ামগৰে ৷ দুয়োখন ভৰি হেৰোৱা হৰি বুঢ়ামগৰে এভাৰেষ্টৰ শিখৰত উপনীত হ’ল। নেপাল প্ৰশাসনৰ সূত্ৰ অনুসৰি শুকুৰবাৰে বিয়লি হৰিয়ে এভাৰেষ্ট জয় কৰে। আঁঠুৰ পৰা তেওঁৰ দুখন ভৰি নাই। নেপালৰ প্ৰশাসনৰ মতে এনে শাৰীৰিক বাধাৰ সৈতে বিশ্বৰ সৰ্বোচ্চ শিখৰত উপনীত হোৱাৰ অভিলেখ পৰ্বতাৰোহণৰ ইতিহাসত প্ৰথম।
৪৩ বছৰীয়া হৰি ব্ৰিটিছ-গোৰ্খা বাহিনীৰ প্ৰাক্তন সেনা জোৱান। ২০১০ চনত আফগানিস্তানৰ যুদ্ধত আঁঠুৰ পৰা দুয়োখন ভৰি হেৰুৱাইছিল। তাৰ পিছত কৃত্ৰিম ভৰি ফিট কৰা হয়। বিশ্বৰ সৰ্বোচ্চ শিখৰত উপনীত হোৱাটো হৰিৰ দীৰ্ঘদিনীয়া সপোন। হৰিয়ে কৃত্ৰিম ভৰিৰে সেই সপোন বাস্তৱ ৰূপ দিয়াৰ কথা ভাবিলে। কিন্তু পৰ্বতাৰোহণৰ সৈতে জড়িত আইন এখনে তেওঁৰ সপোনত বাধাৰ সৃষ্টি কৰিলে। ২০১৭ চনত প্ৰৱৰ্তন কৰা এই আইনখনত কোৱা হৈছে যে দিব্যাংগ লোকে অকলে পাহাৰ বগাব নোৱাৰে। এভাৰেষ্টৰ ক্ষেত্ৰতো এই নিয়ম জাৰি কৰা হৈছে। ফলত হৰিৰ সৰ্বোচ্চ শৃংগ জয় কৰাৰ সপোন স্তব্ধ হৈ পৰিল। কিন্তু শেষত তেওঁ হাৰ নামানিল। আইনৰ দুৱাৰত নতুন যুদ্ধ আৰম্ভ হয়। সেই আইনক প্ৰত্যাহ্বান জনাই হৰি আদিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। ২০১৮ চনত উচ্চতম ন্যায়ালয়ে এই আইনখন বাতিল কৰিছিল। তেতিয়াৰ পৰাই প্ৰাক্তন সেনা জোৱানজনে কঠোৰ প্ৰস্তুতি চলাইছে। মনৰ শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কৃত্ৰিম ভৰিৰে আজি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে হৰি।