বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা কাহৰ চিৰাপ সেৱন কৰি গাম্বিয়াৰ ৬৬টা শিশুৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰাৰ এসপ্তাহৰ পাছত হাৰিয়ানা চৰকাৰে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত এটা কাৰখানাত সকলো ঔষধ উৎপাদন বন্ধ কৰি দিছে। হাৰিয়ানাস্থিত কফ চিৰাপ প্ৰস্তুত কৰা মেইডেন ফাৰ্মাচিউটিকেলছৰ কাৰখানা আৰু কার্যালয়সমূহত বৃহৎ অনিয়ম হোৱা বুলি প্ৰকাশ পাইছে ৷
কেন্দ্ৰীয় আৰু হাৰিয়ানাৰ ঔষধ বিভাগৰ যৌথ পৰিদৰ্শনত উৎপাদন ক্ষেত্ৰত প্ৰায় ১২টা ত্ৰুটি লাভ কৰিছে । তেওঁলোকে কয় -“শোনিপাটৰ ফাৰ্মাচিউটিকেলছ কোম্পানীটোৰ বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা ৩ টা ঔষধৰ নমুনা কলকাতাৰ চেণ্ট্ৰেল ড্ৰাগ লেবৰটেৰীলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰতিবেদন এতিয়াও লাভ কৰা নাই ৷ প্ৰতিবেদনৰ পাছত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
কোম্পানীটোক জাৰি কৰা এখন কাৰণ দর্শোৱা জাননীত কোৱা হৈছে যে ফাৰ্মখনে প্ৰশ্ন উত্থাপন হোৱা ঔষধসমূহৰ নিৰ্মাণ আৰু পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু যন্ত্ৰপাতিৰ তালিকা প্ৰকাশ কৰিব পৰা নাছিল।
কাহৰ চিৰাপ নিৰ্মাণৰ বাবে আহৰণ কৰা সম্ভাৱ্য বিপদজনক ৰাসায়নিক পদাৰ্থৰ ভিত্তি নম্বৰৰ কথা উল্লেখ কৰা হোৱা নাই। ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত আছে প্ৰপাইলিন গ্লাইকল, ছ’ৰবিটল ছলিউচন, ছডিয়াম মিথাইল পেৰাবেন। প্ৰশ্ন উত্থাপিত হোৱা চিৰাপসমূহ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বৈধতা প্ৰদান কৰাত ব্যৰ্থ হৈছে কোম্পানীটোৱে।