এতিয়া বজাৰত জুই লাগিছে। দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জন জীৱন স্থবিৰ কৰি তুলিছে। দিন হাজিৰা কৰা লোক এজনৰ বাবে পৰিয়াল পোহ পাল দিয়া একপ্ৰকাৰৰ অসম্ভৱ হৈ উঠিছে।
চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰালৈ আমি হাত সাবটি বহি থাকিব নোৱাৰো। ইতিহাস সাক্ষী আছে। এবাৰ বৃদ্ধি পোৱা মূল্য অলপমান হ্ৰাস পাব পাৰে কিন্তু একেবাৰে পূৰ্বৰ স্থিতিলৈ কেতিয়াও ঘূৰি নাহে। ২২০ টকীয়া মিঠাতেল ১০০ টকাকৈ কেতিয়াও নকমে বা পেট্ৰলৰ মূল্য ৫০ টকালৈ কেতিয়াও হ্ৰাস নাপায়।
গতিকে বিকল্পৰ সন্ধান কৰিব লাগিব। তাৰ বাবে প্ৰতিজন লোক উপাৰ্জনক্ষম হৈ উঠিবই লাগিব। খাদ্য বস্তুৰ বাবে আমি স্বনিৰ্ভৰশীল হ’ব লাগিব। সৰিয়হ খেতিৰ সংখ্যা বৃদ্ধি পালেহে মিঠাতেলৰ মূল্য হ্ৰাস পাব। পেট্ৰলৰ বিকল্প হিচাপে ইলেক্ট্ৰক বাহন ব্যৱহাৰ কৰিব লাগিব।
স্বনিৰ্ভৰশীলতাই হৈছে মূল্যবৃদ্ধিৰ পৰা উপশম পোৱাৰ একমাত্ৰ উপায়।