আপুনি বাৰু স্মাইলিং ডিপ্ৰেছনত ভূগিছে নেকি?
আপুনি বাৰু জানেনে কি এই স্মাইলিং ডিপ্ৰেছন?
আমি বহুসময়ত আনৰ আগত হাঁহি থাকি নিজৰ দুখবোৰ লুকুৱাই ৰখাৰ যত্ন কৰোঁ ৷
ঠিক কিংবদন্তী গজল গায়ক প্ৰয়াত জগজিৎ সিঙৰ সেই বিখ্যাৎ গজলটোত কোৱাৰ দৰে- ‘আপ ইতনা জ’ মুস্কুৰা ৰহে হ’..ক্যা গম হেই জ’ চুপা ৰহে হ’….. ।
কিছুমান মানুহৰ বাবে এই বিশ্ববিখ্যাৎ গজলটোৰ কথাৰ দৰেই তেওঁলোকৰ বাস্তৱ জীৱন।মনোবিজ্ঞানে মানুহৰ এই মানসিক অৱস্থাটোক ‘স্মাইলিং ডিপ্ৰেছন’ অৰ্থাৎ ‘হাঁহিমুখীয়া বিষণ্ণতা’ হিচাপে নামাকৰণ কৰিছে।
এই সমস্যাত ভুগি থকা ব্যক্তি এজনে দুখী আৰু হতাশ হোৱাৰ পৰিৱৰ্তে হতাশাত থাকিও প্ৰতি মুহূৰ্তত হাঁহি থাকে।কিন্তু এই অৱস্থাত দীৰ্ঘদিন থাকিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
‘হাঁহিমুখীয়া বিষণ্ণতা’ এক প্ৰকাৰৰ মানসিক স্বাস্থ্যজনিত সমস্যা। এই সমস্যাত ভুগি থকা ব্যক্তি এজনে মিছা হাঁহিৰে নিজৰ হতাশাৰ লক্ষণবোৰ লুকুৱাবলৈ চেষ্টা কৰি থাকে
অৱশ্যে এনে লোকে কেতিয়াও মুকলিকৈ হাঁহি নাথাকে, তাৰ পৰিৱৰ্তে তেওঁলোকৰ মুখত সদায় মিছা হাঁহি এটা থাকে।
কিমান বিপদজনক হ’ব পাৰে এই লক্ষণ?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই সমস্যাৰ যদি সময়মতে যত্ন লোৱা নহয়, তেন্তে ভৱিষ্যতে ই এক গুৰুতৰ ৰূপ ল’ব পাৰে। যাৰ ফলত ব্যক্তিজনৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।কিয়নো এনে ধৰণৰ বিষণ্ণতাত ভুগি থকা লোকসকলৰ আত্মহত্যাৰ আশংকা অধিক ।
ইয়াৰ লক্ষণ সমূহ –
হাঁহিমুখীয়া বিষণ্ণতাত ভুগি থকা লোকসকলৰ মুখত সদায় এটা কৃত্ৰিম হাঁহি লাগি থাকে। এনে লোকে জীৱনত প্ৰায়ে গভীৰ দুখ, হতাশা আৰু শূন্যতা অনুভৱ কৰে।
-হাঁহি থকা বিষণ্ণতাত ভুগি থকা ব্যক্তি এজনে নিজৰ কোনো কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰে আৰু নিজেও কোনো সিদ্ধান্ত ল’ব নোৱাৰে।
আনহাতে এই মানসিক স্থিতিৰ বাবে এজন ব্যক্তিৰ ভাগৰ আৰু টোপনিৰ লগত জড়িত সমস্যাও হ’ব পাৰে।
ইয়াৰ ফলত এজন মানুহৰ ভোক আৰু ওজনো সলনি হ’বলৈ আৰম্ভ কৰে।
কেতিয়া এই মানসিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়?
-জীৱনত বিফলতা, সম্পৰ্ক ভাঙি যোৱা বা বিবাহৰ সমস্যাৰ ক্ষেত্ৰত।
-আৰ্থিক সমস্যাৰ ক্ষেত্ৰত
-ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্ত লোকসকলৰ ক্ষেত্ৰতো এই সমস্যা দেখা যায়।
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি এই ব্যাধি?
এই সমস্যা নিৰাময় কৰিবলৈ মনোবিজ্ঞানীৰ সহায় লোৱা উচিত। এই সমস্যাৰ পৰা ওলাই আহিবলৈ বিশেষজ্ঞসকলে হাঁহিমুখীয়া বিষণ্ণতাত ভুগি থকা ব্যক্তিক বহুতো সমাধান দিব পাৰে, যেনে-
১) এই সমস্যৰ পৰা হাত সাৰিবলৈ কগ্নিটিভ বিহেভিয়’ৰেল ট্ৰিটমেণ্ত অৰ্থাৎ সন্মতি আচৰণ চিকিৎসা (CBT) অতি ফলপ্ৰসূ হ’ব পাৰে। এই চিকিৎসাই ব্যক্তিজনৰ নেতিবাচক চিন্তাধাৰা আৰু আচৰণ চিনাক্ত কৰি তাৰ পৰিৱৰ্তন কৰাত সহায় কৰে।
২) হাঁহিমুখীয়া বিষণ্ণতাৰ সময়ত মনোৰোগ বিশেষজ্ঞসকলে এজন ব্যক্তিক মানসিক চাপ কমাব পৰা ঔষধ দিব পাৰে।
৩) এই মানসিক ব্যাধি ৰোধ কৰিবলৈ এজন ব্যক্তিয়ে দৈনিক ব্যায়াম, সুষম খাদ্য আৰু পৰ্যাপ্ত টোপনি গ্ৰহণ কৰা উচিত।
৪) এনে ধৰণৰ হতাশাত ভোগা ব্যক্তিয়ে নিজৰ সমস্যাবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে ভাল বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে তেওঁৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা উচিত।