সোমবাৰে পুৱাই প্ৰায় ৪০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে উদ্গীৰণ হয় বিশ্ৰ সর্ববৃহৎ আগ্নেয়গিৰি হাৱাইৰ মাউনা ল’য়া ৷ স্থানীয় সময় অনুসৰি নিশা ১১:৪৫ বজাত এই আগ্নেয়গিৰিৰ উদ্গীৰণ ঘটে ৷দেওবাৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (ইউ এছ জি এছ) প্ৰকাশ কৰা অনুসৰি মাউনা ল’য়াৰ শিখৰৰে হৈ থকা লাভাৰ প্ৰবাহ “নিষ্কৃত” হৈ আছে যদিও পৰিস্থিতি সলনি হ’লে ওচৰৰ বাসিন্দাসকলৰ বাবে এই বিস্ফোৰণে ভাবুকি কঢ়িয়াই আনিব পাৰে ৷
ইউএছজিএছে নিজৰ ৱেবছাইটত কয় যে, “এই সময়ত লাভাৰ প্ৰবাহ শিখৰ এলেকাৰ ভিতৰতে নিয়ন্ত্ৰণ কৰা হৈছে আৰু ই সমীপৱর্তী বাসিন্দাৰ বাবে ভাবুকি কঢ়িয়াই আনিব পৰা নাই ৷ অঞ্চলটোৰ বাসিন্দাসকলে বিপদৰ প্ৰস্তুতিৰ সন্দর্ভত পৰ্যালোচনা কৰিব লাগে।“ প্ৰশান্ত মহাসাগৰীয় দুৰ্গম আমেৰিকাৰ ৰাজ্যখনৰ মূল দ্বীপত হোৱা বিস্ফোৰণটো আগ্নেয়গিৰিটোৰ ওপৰৰ অৱবাহিকাটোৰ ভিতৰতে আৱদ্ধ হৈ আছে যদিও অধিক বিস্ফোৰণেন্ত লাভাৰ প্ৰবাহ দ্ৰুতগতিত তললৈ নমাই আনিব পাৰে ৷
সংস্থাটোৱে জনোৱা মতে, হাৱাই আগ্নেয়গিৰি মানৱ নিৰীক্ষণ কেন্দ্ৰই জৰুৰীকালীন ব্যৱস্থাপনা কৰ্মীৰ সৈতে আলোচনা কৰি আছে আৰু ইয়াৰ কৰ্মচাৰীসকলে ১৩,৬৭৪ ফুট (৪,১৬৮ মিটাৰ) উচ্চতাৰ আগ্নেয়গিৰিটোৰ ওপৰত অতি সোনকালে আকাশী অভিযান চলাব। হাৱাই কৰ্তৃপক্ষই জনোৱা মতে, শীৰ্ষ এলেকা আৰু অঞ্চলটোৰ কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে যদিও কোনো ধৰণৰ খালী কৰাৰ নিৰ্দেশ দিয়া হোৱা নাই।
মাউনা ল’য়া শিখৰৰ উত্তৰ প্ৰান্তত থকা ইউএছজিএছৰ ৱেবকেমত আগ্নেয়গিৰিৰ গহ্বৰৰ ভিতৰত দীঘলীয়া উজ্জ্বল বিস্ফোৰণৰ ৰাতিৰ আন্ধাৰত জিলিকি উঠা দেখা গৈছিল ৷ হাৱাই দ্বীপসমূহত ছটা সক্ৰিয় আগ্নেয়গিৰি আছে। ইউ এছ জি এছৰ তথ্য অনুসৰি ১৮৪৩ চনৰ পৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি মাউনা ল’য়াৰ বিস্ফোৰণ ৩৩ বাৰ ঘটিছে ৷শেহতীয়াকৈ ১৯৮৪ চনত ২২ দিন ধৰি আগ্নেয়গিৰিটোৰ উদ্গীৰণ হৈছিল ৷ প্ৰায় সাত কিলোমিটাৰ (চাৰি মাইল) দূৰত্বলৈকে লাভা বিয়পি পৰিছিল আগ্নেয়গিৰিটোৰ পৰা ৷