দুৰ্ঘটনাত দুখন হাত হেৰুৱাই ছবি অঁকাৰ আশা প্ৰায় এৰি দিয়া এগৰাকী চিত্ৰশিল্পীৰ জীৱনলৈ পুনৰ আশা ঘুৰি আহিছে । এগৰাকী মহিলাই কৰা অংগদানৰ বাবে তেওঁ ওভতাই পালে দুয়োখন হাত ৷ এগৰাকী মহিলাৰ অংগদানৰ পাছত দিল্লীত চিকিৎসকৰ এটা দলে এই কঠিন অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷
দিল্লীত এইটোৱেই প্ৰথম সফল দ্বিপাক্ষিক হস্ত সংৰোপন অস্ত্ৰোপচাৰ। ৰোগীজনৰ বয়স ৪৫ বছৰ। ২০২০ চনত ৰেল দুৰ্ঘটনাত তেওঁ দুয়োখন হাত হেৰুৱাইছিল। বৰ্তমান তেওঁ অস্ত্ৰোপচাৰৰ পিছত সুস্থ হৈ উঠিছে। আজি তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব।
উল্লেখ্য যে ৰোগীজনৰ আৰ্থিক অৱস্থা ভাল নাছিল। হাত দুখন ঘূৰাই পোৱাৰ কোনো আশা নাছিল তেওঁৰ। কিন্তু শিল্পীগৰাকীৰ জীৱনত সংঘটিত হ’ল এক অবিশ্বাস্য ঘটনা। দক্ষিণ দিল্লীৰ এখন সুপৰিচিত বিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী ৪৫ বছৰীয়া মীনা মেহতা নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ কিডনী, লিভাৰ আৰু কৰ্ণিয়াই আন তিনিজনৰ জীৱন সলনি কৰি দিয়ে। আৰু তেওঁৰ হাত দুখনে চিত্ৰকৰক নতুন জীৱন দিলে।
কিন্তু অভিজ্ঞ চিকিৎসকৰ বাবে এই প্ৰক্ৰিয়া সম্ভৱপৰ হৈ উঠে । এই জটিল অস্ত্ৰোপচাৰ ১২ ঘণ্টা ধৰি চলে ৷ এই অস্ত্ৰোপচাৰত দাতা আৰু গ্ৰহণকাৰী বাহুৰ মাজত প্ৰতিটো ধমনী, পেশী, আৰু স্নায়ু সংযুক্ত কৰা হৈছে ৷