বৃহস্পতিবাৰে ঝাৰখণ্ডৰ গুমলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত নিহত হয় এজন দুধর্ষ মাওবাদী । এই কথা ঝাৰখণ্ড আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি গুমলাৰ মাৰৱাৰ বনাঞ্চলত সেনাই আক্ৰমণ কৰে। মাওবাদী নেতাজনক ধৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰে আৰক্ষীয়ে। কিন্তু মাওবাদী নেতাজনে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত মৃত্যু হয় ৰাজেশ ওৰাওন নামৰ মাওবাদী নেতাজনৰ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা এটা ৰাইফল আৰু কেইবা জাঁই কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।নিহত মাওবাদীজনৰ শিৰৰ মূল্য ধার্য কৰা হৈছিল ২ লাখ টকা ৷
ইফালে আৰক্ষীৰ তথ্য অনুসৰি পশ্চিম সিংভূম জিলাৰ টণ্টো থানা এলেকাৰ পৰা চাৰিটা আই ই ডি (ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ) উদ্ধাৰ কৰা হৈছে। ইয়াৰে এটাৰ ওজন ৫০ কিলোগ্ৰাম। টণ্টো থানাৰ অন্তৰ্গত টুম্বাহাকা গাঁৱত উদ্ধাৰ হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা সোমবাৰৰ পৰা মুঠ ২৭টা আই ই ডি উদ্ধাৰ কৰা হৈছে।