নিম্নবৰ্ণৰ হোৱাৰ বাবেই বন্ধুৰ আচৰণ সলনি হোৱাত মানসিক অশান্তি ভুগি এজন মেধাৱী ছাত্ৰই আত্মহত্যা কৰা ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ দেশৰ অন্যতম অভিজাত শিক্ষানুষ্ঠান বম্বে আই আই টিৰ এজন ছাত্ৰই সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ পূৰ্বে পৰিয়ালক এই কথা সদৰী কৰিছিল । শিক্ষানুষ্ঠানত বৰ্ণ বৈষম্যৰ কথা উল্লেখ কৰিবলৈ তেওঁ এবাৰ নহয়, কেইবাবাৰো ঘৰলৈ ফোন কৰিছিল। ঘটনাৰ তদন্ত কৰি নিম্ন আদালতত আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাতো ছাত্রজনৰ বক্তব্য উল্লেখ কৰা হৈছে।
বি টেক (কেমিকেল)ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ দৰ্শন সোলাংকিয়ে যোৱা ১২ ফেব্ৰুৱাৰীত আই আই টি বম্বেৰ হোষ্টেলৰ সাত মহলীয়া অট্টালিকাৰ পৰা জপিয়াই চৰম পথ বাচি লয় ৷ থিতাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ তদন্তত দৰ্শনৰ সহপাঠী অৰমান খাত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৷অভিযোগ অনুসৰি দৰ্শনক প্ৰায়ে অপমান কৰিছিল আৰমানে । প্ৰতিবাদ কৰিলে দৰ্শনক হত্যা কৰাৰ ভাবুকি দিছিল সহপাঠীজনে । তেওঁৰ পৰিয়ালৰ দাবী, মানসিক চাপৰ বাবেই দৰ্শনে আত্মহত্যা কৰে।
ডিচেম্বৰ মাহত দৰ্শনে মাক আৰু সৰু ভনীয়েকক ফোন কৰি বৈষম্যৰ কথা প্ৰকাশ কৰিছিল ৷ ১২ ফেব্ৰুৱাৰীত দুপৰীয়া মাতৃৰ সৈতে কথা পাতিছিল। ১৪ ফেব্ৰুৱাৰীত ঘৰলৈ উভতি আহিলে সকলোকে পাৰিবাৰিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিব বুলিও কয়। কিন্তু দুঘণ্টামানৰ পাছত দৰ্শনৰ দেউতাকৰ আই আই টি কৰ্তৃপক্ষৰ ফোন আহিল। তেওঁক খবৰ দিয়া হৈছিল যে তেওঁলোকৰ পুত্ৰই আত্মহত্যা কৰিছে। এই সকলোবোৰ কথা আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰিছিল। নিম্ন আদালততো দাখিল কৰা হৈছে অভিযোগনামা। অভিযোগনামাত ৫৫জন সাক্ষীৰ বক্তব্যৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আছে আই আই টিৰ কেইবাজনো অধ্যাপক আৰু ছাত্ৰ।