প্ৰচণ্ড গৰমে জনজীৱন ব্যাহত কৰি তুলিছে বিহাৰৰ ৷যোৱা ৪৮ ঘণ্টাত বিহাৰত গৰমৰ বাবে ১৮ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত ১৪ জন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত। ইয়াৰ ভিতৰত আছে ১০ জন ভোটগ্ৰহণ কৰ্মী। শুকুৰবাৰে এই পৰিসংখ্যা প্ৰদান কৰে প্ৰশাসনে। ৰাজ্যৰ জৰুৰীকালীন বিভাগৰ তথ্য অনুসৰি গ্ৰীষ্মকালত মৃত্যু হোৱা ১৮ জন লোকৰ ভিতৰত ১১ জন ৰোহতাছ জিলাৰ। তদুপৰি ভোজপুৰত ছয়জন আৰু বক্সাৰত এজন লোকৰ মৃত্যু হৈছে ।
বিহাৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি গ্রীষ্মকালত ভোজপুৰত ৫ জনকৈ নির্বাচনী কর্মীৰ মৃত্যু হয়৷ ৰোহতাছৰ গ্ৰীষ্মকালত মৃত্যু হোৱা ১১ জনৰ ভিতৰত আছে তিনিজন ভোটগ্ৰহণ কৰ্মী। ইয়াৰে দুজন ভোজপুৰলৈ আৰু এজন বাক্সাৰলৈ ভোটগ্ৰহণৰ বাবে গৈছিল। কৈমুৰ আৰু ঔৰংগাবাদত এজনকৈ ভোটগ্ৰহণ কৰ্মীৰ মৃত্যু হয়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে মৃত নিৰ্বাচন কৰ্মীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিছে।
দেওবাৰে কেইবাঠাইতো দিনটোৰ উষ্ণতাই ৪৪ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰে। সৰ্বোচ্চ উষ্ণতা আছিল বক্সাৰত। বৃহস্পতিবাৰে তাত সৰ্বোচ্চ উষ্ণতা ৪৭.১ ডিগ্ৰী চেলছিয়াছ ৰেকর্ড হয় । বিহাৰ চৰকাৰে গৰমৰ বাবে ৮ জুনলৈকে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, কোচিং চেণ্টাৰ, অংগনবাড়ী কেন্দ্ৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে ৷ অৱশ্যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত শ্ৰেণী বন্ধ থাকিলেও শিক্ষকসকলে উপস্থিত থাকিব লাগিব।