দেশজুৰি অব্যাহত আছে গ্ৰীষ্মপ্ৰৱাহ । ইতিমধ্যে সমগ্ৰ দেশত গৰমৰ বাবে ৮৭ জন লোকৰ মৃত্যু হৈছে। কেৱল সেয়াই নহয়, যোৱা ৩৬ ঘণ্টাত ৪৫জন লোকৰ মৃত্যু হৈছে। পশ্চিম ওড়িশাত এদিনতে ১৯ জন লোকৰ মৃত্যু হৈছে । উত্তৰ প্ৰদেশত ১৬ জন লোকৰ , বিহাৰত ৫ জন লোকৰ ,ৰাজস্থানত ৪ জন লোকৰ আৰু পঞ্জাৱত এজন লোকৰ মৃত্যু হৈছে ৷
কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ওড়িশাত ১৯ জন লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ৰাজ্যত বিগত ৪৮ ঘণ্টাত মৃত্যুৰ সংখ্যা ২৯জনলৈ বৃদ্ধি পাইছে। মৃত্যুৰ ক্ষেত্ৰত এতিয়াও শীৰ্ষত আছে ওড়িশা। জানিব পৰা মতে, মৃত্যু হোৱা ২৯ জন লোকৰ ভিতৰত ১২ জন সুন্দৰগড় জিলাৰ। ভীৰাসুগুদা জিলাত ৯ জন লোকৰ মৃত্যু হৈছে । সম্বলপুৰত মৃত্যুৰ সংখ্যা ৭ আৰু বৰগড়ত ১ জন। ৰাজ্যৰ বিশেষ সাহায্য আয়ুক্ত সত্যৱৰ্ত সাহুৱে কয় যে আটাইকেইজনৰ মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত আছে। কিন্তু প্ৰথম অৱস্থাত হিটষ্ট্ৰ’কৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
শুকুৰবাৰে উত্তৰ প্ৰদেশত ১৬ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১১জন ভোটগ্ৰহণ কৰ্মী। ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি মৃত্যু হোৱা ১১ জন ভোটগ্ৰহণ কৰ্মীৰ ভিতৰত ৫ জন আছিল হোমগাৰ্ড। তেওঁলোকৰ মাজত জ্বৰ আৰু উচ্চ ৰক্তচাপৰ লক্ষণ ধৰা পৰে। সোণভদ্ৰাত দুজন ভোটগ্ৰহণ কৰ্মীৰ মৃত্যু আৰু ৰায়ে বৰেলীত এজনৰ মৃত্যু।