কিছুদিনৰ বিৰতিৰ পিছত মঙলবাৰৰ নিশাৰ পৰা পুনৰ পাহাৰত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে দার্জিলিঙত । যাৰ বাবেই ভৈয়ামৰ ৰাইজৰ জীৱন বিঘ্নিত হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ফলত ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে । আনহাতে, কালিঝোৰাৰ এন এইচ পি চিৰ বাংলোৰ গাতে লাগি থকা অঞ্চলটোত বৃহৎ বৃহৎ গছ বাগৰি পথত পৰি যাতায়ত ব্যাহত হৈ পৰে। তীস্তাবাজাৰৰ পৰা মেলি হৈ দাৰ্জিলিংলৈ যোৱা পথটোও বন্ধ হৈ আছে।
উত্তৰ বংগৰ প্ৰায় আটাইকেইখন জিলাতে আগন্তুক কেইদিনমানৰ বাবে বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে। আগন্তুক কেইদিনমানৰ ভিতৰত দাৰ্জিলিং, কালিম্পং, আলিপুৰদুৱাৰ, কোচবিহাৰ আৰু জলপাইগুৰিত প্ৰবল বৰষুণ হোৱাৰ ইংগিত দিছে বতৰ বিজ্ঞান বিভাগে। উত্তৰ বংগৰ বিভিন্ন জিলাত মঙলবাৰৰ নিশাৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। ফলত পাহাৰত নতুনকৈ ভূমিস্খলন আৰম্ভ হৈছে। কেইবাটাও পথ ভাঙি যাতায়ত বন্ধ হৈ পৰিছে। কালিমপং জিলাৰ লিকুভিদত হোৱা ভূমিস্খলনৰ ফলত শিলিগুৰিৰ পৰা কালিমপং আৰু ছিকিমৰ মাজত যাতায়ত বন্ধ হৈ পৰে। আনহাতে, কালিঝোৰাতো ধুমুহাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা অঞ্চলটোৰ পথত বৃহৎ বৃহৎ গছ বাগৰি পৰে। ফলত তাতো যান-বাহন চলাচল ব্যাহত হৈ পৰে। তদুপৰি তিস্তাবাজাৰৰ পৰা মেলি হৈ দাৰ্জিলিঙলৈ যোৱা পথটোও বৰষুণৰ বাবে বন্ধ হৈ থকা বুলিও জানিব পৰা গৈছে।
মঙলবাৰে নিশা হোৱা বৰষুণে তিস্তাৰ তীব্ৰতা বৃদ্ধি কৰিছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি তিস্তাৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। তিস্তাবজাৰৰ গাতে লাগি থকা দেওগ্ৰাম অঞ্চলতো পানী বাঢ়িছে। যোৱা বছৰ ছিকিমত সংঘটিত হোৱা দুৰ্যোগৰ বাবে তিস্তা নদীৰ গতিপথ সলনি হৈছে।