ধাৰাসাৰ বৰষুণ, তুষাৰপাতৰ লগতে ভূমিস্খলনে বিগত দুদিন ধৰি জম্মু-কাশ্মীৰৰ বৃহৎ অংশ তচনচ কৰি পেলাইছে । কেইবাঠাইতো হিমস্খলন ঘটিছে। তুষাৰপাতৰ মাজতে ধাৰাসাৰ বৰষুণে পুনৰ জম্মু-কাশ্মীৰৰ পৰিস্থিতি অধিক সংকটজনক কৰি তুলিছে। যাৰ বাবে কাশ্মীৰ উপত্যকা আৰু ৰিয়াছি জিলাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।
তুষাৰপাতৰ সমান্তৰালকৈ বিগত কিছুদিন ধৰি কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে ৷ বৰষুণৰ ফলত কেইবাঠাইতো ঘৰ ভাঙি পৰাৰ খবৰ পোৱা গৈছে। পুঞ্চৰ বহু ঠাইত ভূমিস্খলনৰ খবৰ পোৱা গৈছে। মাণ্ডীৰ বেদৰ গাঁৱত ভূমিস্খলনৰ ফলত বহু ঘৰ ধ্বংস হয়। বিশেষকৈ উত্তৰ কাশ্মীৰৰ হাণ্ডৱাৰা আৰু কুপৱাৰাত বানৰ প্ৰভাৱ পৰিছে ৷ বহু অঞ্চল প্লাৱিত হৈছে ৷উপত্যকাৰ আন আন ঠাইৰ পৰা কুপোৱাৰা বিচ্ছিন্ন হৈ পৰিছে । প্ৰশাসনৰ সূত্ৰ অনুসৰি জলপৃষ্ঠ বৃদ্ধিৰ বাবে ৩৩৬টা পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
ছিলু কুপৱাৰাত বিপদসীমাৰ ওপৰেৰে বৈ আছে পোহৰু নালা। ই ঝেলুমৰ উপনৈ। ইয়াৰ পানী ওফন্দি উঠাৰ বাবে ছিলু কুপৱাৰাৰ বহু গাঁও প্লাৱিত হৈছিল। কুপোৱাৰা ঘাইপথৰ এটা অংশ পানীৰ তলত ডুব গৈছে ৷ আনহাতে, ভূমিস্খলনৰ বাবে শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ স্থবিৰ হৈ পৰিছে যান-বাহন। বতৰ বিজ্ঞান বিভাগে মঙলবাৰলৈকে প্ৰচণ্ড বৰষুণ আৰু বৰফ পৰাৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। অৱশ্যে বুধবাৰৰ পৰা পৰিস্থিতি কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে।
সোণমাৰ্গত হিমস্খলন ঘটিছে । সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি ৰামবন জিলাৰ মেহৰ, গংৰু, মম পাছি আৰু কিস্তৱাৰীত ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে । জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি জম্মুৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ পৰা কাশ্মীৰৰ শ্বোপিয়ানলৈ সংযোগী পথটো মোগল ৰোড, পীৰ কি গলি বিগত তিনিদিন ধৰি প্ৰচণ্ড বৰফৰ ফলত বন্ধ হৈ আছে।