ইতিহাস ৰচনা কৰি পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ’ব শ্বেখ হাছিনা ৷ দেশখনৰ সাধাৰণ নির্বাচনত বিপুল ভোটত জয়লাভ কৰিছে হাছিনাৰ দলে ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি হাছিনাৰ শাসকীয় আৱামি লীগে “৫০ শতাংশতকৈ অধিক আসন লাভ কৰিছে ৷
ঘোষণা কৰা মুঠ ৩০০খন আসনৰ ভিতৰত ২৬৪খন আসনৰ ভিতৰত হাছিনাৰ আৱামী লীগে ২০৪খন আৰু তেওঁৰ মিত্ৰ জাতীয় পাৰ্টিয়ে আৰু ৯খন আসন লাভ কৰিছিল বুলি দেশখনৰ সৰ্ববৃহৎ ব্যক্তিগত বাতৰি সম্প্ৰচাৰক ছ’ময় টিভিয়ে সংগ্ৰহ কৰা ফলাফলত প্ৰকাশ পাইছে।
স্থানীয় বিষয়াসকলে জনোৱা মতে, বিজয়ীসকলৰ ভিতৰত আছে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক ছাকিব আল হাছান ৷ তেওঁ হাছিনাৰ দলৰ হৈ প্ৰার্থীত্ব আগবঢ়াইছিল ৷
লক্ষণীয় যে এইবাৰ বাংলাদেশৰ নির্বাচন বিৰোধীয়ে বর্জন কৰিছিল ৷ এই নিৰ্বাচনত অংশ লোৱা নাছিল মূল বিৰোধী দল বিএনপিয়ে। বিৰোধী কেইজনমান নিৰ্দলীয় প্ৰাৰ্থী আৰু কেইটামান ৰাজনৈতিক দলৰ প্ৰার্থীয়েহে নির্বাচনত অৱতীর্ণ হৈছিল ৷ গতিকে শ্বেখ হাছিনাৰ নেতৃত্বত একেৰাহে পুনৰ আৱামি লীগে চৰকাৰ গঠন কৰিব, কাৰ্যতঃ সেয়া আছিল সময়ৰ কথা আছিল মাথোঁ।