অসম চৰকাৰৰ তৰফৰ পৰা পুৰোহিত আৰু নামঘৰীয়াৰ বাবে এককালীন সাহাৰ্য্য আঁচনি মুকলি কৰা হয়। এই আঁচনিৰ বাবে আবেদনকাৰীৰ নুন্যতম বয়স হ’ব লাগিব ৪০ বছৰ। অসমৰ স্থায়ী বাসিন্দা যি বিগত পাঁচ বছৰ বা তাতোধিক সময়জুৰি ধৰ্মীয় অনুষ্ঠানৰ সেৱাৰ সৈতে জড়িত লোকে আবেদন কৰিব পাৰিব।
ইয়াৰ উপৰিও মন্দিৰ বা নামঘৰটো ৫০ বছৰৰ পুৰণি হ’ব লাগিব। আবেদনকাৰীৰ বাৰ্ষিক আয় তিনি লাখৰ তলত থকা বাঞ্চনীয়।
www.anudaanassamculture.com পৰ্টেলৰ জৰিয়তে ১৫ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। বয়সৰ প্ৰমাণপত্ৰ, পৰিচয় প্ৰমাণপত্ৰৰ লগতে মন্দিৰ, নামঘৰ কমিটিৰ দ্বাৰা স্বাক্ষৰিত অভিজ্ঞতা প্ৰমাণপত্ৰ জমা দিব লাগিব।
কভিদ পৰিস্থিতিৰ বাবে চৰকাৰে পুৰোহিত আৰু নামঘৰীয়াসকলৰ প্ৰতি এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই পদক্ষেপে বহুতো লোকক অলপ হ’লেও সকাহ প্ৰদান কৰিব।