বিশিষ্ট অভিনেতা, পৰিচালক , সংগীতকাৰ হেমন্ত দত্তলৈ আগবঢ়োৱা হৈছে প্ৰয়াত অচ্যুৎ লহকৰ বঁটা ৷ অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰৰ অষ্টম বাৰ্ষিক মৃত্যু তিথিত অচ্যুৎ লহকৰ স্মাৰক বটাঁ প্ৰদান কৰা হ’ব ৷এই বটাঁ প্ৰদান অনুষ্ঠান ৰঙিয়াৰ পূব ৰঙিয়া প্ৰগতি সংঘ প্ৰাঙ্গনত ৭ জুলাইত অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে ভ্ৰাম্যমানৰ মঞ্চত দুর্দান্ত অভিনয়েৰে মন জয় কৰাই নহয়, বহু কালজয়ী নাটকৰ তেওঁ স্ৰষ্টা ৷ বিশেষকৈ বিখ্যাত “টাইটানিক”ৰ কাহিনীক নাট্যৰূপ দি ভ্ৰাম্যমানৰ মঞ্চত মঞ্চস্থ কৰি তেওঁ একপ্ৰকাৰ চমক সৃষ্টি কৰিছিল ৷ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ কাৰণে এশৰো অধিক নাটক লিখিছে হেমন্ত দত্ত। তেওঁৰ কলমত প্ৰাণ পাই উঠা মই যি বাটৰে ওলালো আজি নাহো ওলটি, সময় গতিশীল, হিয়াৰ মৰম মুকুটা হৈ, মতলীয়া বতাহে উৰি আহি কলে যে, নায়ক হব খুজি খলনায়ক হলি এই চিৰ সেউজ গীত বোৰ কোনে পাহৰিব।
অচ্যুৎ লহকৰ স্মাৰক বটাঁ ২০২৪ লাভ কৰি তেওঁ আনন্দিত হৈ পৰিছে । হেমন্ত দত্তই কয় যে লহকৰে বহু কষ্টৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিছিল। ইয়াৰ বাবে তেওঁ জীৱনত বহু কষ্ট ত্যাগ কৰিবলগীয়া হৈছিল ৷ অচ্যুৎ লহকৰে ভ্ৰাম্যমাণৰ যি ৰূপৰেখা তৈয়াৰ কৰিলে সেয়া ইতিহাসত বিৰল ৷ তেওঁ কয় যে যি কোনো কামৰে স্বীকৃতি লোভনীয় ৷ অচ্যুৎ লহকৰৰ দৰে ভ্ৰাম্যমাণৰ জনক জনৰ নামত লাভ কৰা স্বীকৃতিয়ে আনন্দিত কৰিছে ।