ভূমি জালিয়াতিৰ গোচৰত এনফর্চমেণ্ট সঞ্চালকালয় চমুকৈ ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰা হয়। ইডিৰ জেৰা পৰ্যায়ৰ অন্তত বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পিছত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে।
ইডিয়ে বিগত কিছুদিন ধৰি ভূমি জালিয়াতিৰ গোচৰত হেমন্তক জেৰা কৰিব বিচাৰিছিল। ইয়াৰ পূৰ্বেও এই গোচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় সংস্থাটোৰ তদন্তকাৰীৰ সৈতে একাধিকবাৰ মুখামুখি হৈছিল। প্ৰায় ৭ ঘণ্টীয়া জেৰাৰ সন্মুখীন হোৱাৰ পাছত সন্ধিয়া ৰাজভৱনলৈ যায় মুখ্যমন্ত্ৰীগৰাকী। তেওঁ পদত্যাগ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়।
তদন্তকাৰীৰ সূত্ৰ অনুসৰি ৰাঁচীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৭.১৬ একৰ মাটি অবৈধ বিক্ৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ নাম জড়িত হৈ পৰিছে। সেই গোচৰত ইতিমধ্যে ১৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হেমন্ত ছোৰেনকো এইবাৰ গ্ৰেপ্তাৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ অবৈধভাৱে ভূমি মাফিয়াক ভূমি গতাই দিছিল। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক উদ্দেশ্যত তেওঁৰ বিৰুদ্ধে আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰিছে । তদন্তকাৰী সংস্থাটোৱে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা চমোৱাৰো অভিযোগ আনে ।
উল্লেখ্য যে ৰাঁচীৰ পৌৰসভাৰ কৰ সংগ্ৰাহক দিলীপ শৰ্মাই যোৱা বছৰ এজাহাৰ দাখিল কৰিছিল যে ৰাঁচীত ভাৰতীয় সেনাৰ মাটি জাল নথি-পত্ৰৰে ক্ৰয়-বিক্ৰয় কৰা হৈছে। তেওঁৰ অভিযোগ আছিল প্ৰদীপ বাগচী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। সেই অভিযোগৰ ভিত্তিত ইডিয়ে গোচৰ ৰুজু কৰিছিল। তদন্তত পোহৰলৈ আহে যে বিবাদিত মাটিৰ সেই অংশ অর্থাৎ প্ৰায় ৪.৫ একৰ ভূমিৰ প্ৰকৃত মালিক হৈছে বি এম লক্ষ্মনা ৰাও ৷সেই মাটি তেওঁ স্বাধীনতাৰ পাছত ভাৰতীয় সেনাবাহিনীক দান কৰিছিল।
অভিযোগ অনুসৰি নথি-পত্ৰ জাল কৰি প্ৰদীপ বাগচীক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সেই মাটিৰ মালিক হিচাপে দেখুওৱা হৈছিল ৷ পিছত এই মাটিখিনি পশ্চিম বংগৰ এগৰাকী চাহ বাগিচাৰ মালিকক বিক্ৰী কৰা হয়। পিছত ভূমি গোচৰত প্ৰদীপ বাগচীক গ্ৰেপ্তাৰ কৰা হয়। উক্ত মাটিৰ মূল্য ২০ কোটি ৭৫ লাখ। কিন্তু বিক্ৰী হৈছিল মাত্ৰ সাত কোটি টকাত। তাৰ ভিতৰত প্ৰদীপ বাগচীয়ে নগদ ২৫ লাখ টকা লৈছিল। বাকী ধনৰ লেনদেন চেক যোগে কৰা হৈছিল। কেৱল সেয়াই নহয় নথি-পত্ৰ জালিয়াতিৰ ক্ষেত্ৰতো ব্যাপক পৰিমানৰ ধনৰ লেনদেন হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই সকলোবোৰ অভিযোগৰ লগত মুখ্যমন্ত্ৰীৰ নাম জড়িত হৈ আছে।