কেৰালাৰ তিৰুৱনন্তপুৰমত এগৰাকী ২৬ বছৰীয়া চিকিৎসকৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অভিযোগ অনুসৰি তেওঁৰ প্ৰেমিকে যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাৰ বাবে চিকিৎসক গৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল। তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অস্ত্ৰোপচাৰ বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ডাঃ শ্বাহানাৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে।
আত্মহত্যাৰ অভিযোগ আৰু যৌতুক প্ৰতিৰোধ আইনৰ অধীনত প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। তেওঁক আটক কৰিছে আৰক্ষীয়ে ৷ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডাঃ শ্বাহনাই মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে বাস কৰিছিল। তেওঁৰ পিতৃৰ দুবছৰ আগতে মৃত্যু হৈছিল। ডাঃ ই এ ৰুৱাইছৰ সৈতে প্ৰেমৰ সম্পর্ক আছিল যুৱতী গৰাকীৰ ৷ দুয়োজনে বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ড০ শ্বাহানাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে ড০ ৰুৱাইছৰ পৰিয়ালে ১৫০ টা সোণৰ ছ’ভাৰেইন, ১৫ একৰ মাটি আৰু এখন বিএমডব্লিউ গাড়ী যৌতুক হিচাপে দাবী কৰিছিল। ডাঃ শ্বাহনাৰ পৰিয়ালে যেতিয়া দাবী পূৰণ কৰিব নোৱাৰো বুলি কোৱাত প্ৰেমিকৰ পৰিয়ালে বিয়াখন বাতিল কৰে বুলি প্ৰকাশ পাইছে । ইয়াৰ ফলত যুৱতী চিকিৎসকগৰাকীয়ে অতিশয় হতাশ হৈ পৰে আৰু আত্মহত্যা কৰে ৷ তেওঁৰ এপাৰ্টমেণ্টত উদ্ধাৰ কৰা এখন চুইচাইড নোটত লিখা আছিল, “সকলোৱে কেৱল টকা বিচাৰে” ৷
যৌতুক দাবীৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।ৰাজ্যৰ সংখ্যালঘু আয়োগেও এই বিষয়টোৰ ওপৰত চকু ৰাখিছে। পেনেলৰ অধ্যক্ষ এ এ ৰছিদে জিলা উপায়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্ত আৰু চিকিৎসা শিক্ষা সঞ্চালকক ১৪ ডিচেম্বৰত আয়োগৰ সন্মুখত হাজিৰ হৈ প্ৰতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে ৷