সম্প্ৰতি অসমসহ উত্তৰ পূর্বাঞ্চল যেন ড্ৰাগছ সৰৰাহৰ কৰি’ডৰত পৰিণত হৈছে ৷ বিশেষকৈ বৰাক উপত্যকা যেন ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত হৈ পৰিছে ৷অসম আৰক্ষীয়েও অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে ৷
ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মঙ্গলবাৰে পুনৰ বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই আৰক্ষীয়ে এই ড্ৰাগছ জব্দ কৰে ৷ বাহনখনৰ গোপন চেম্বাৰৰ পৰা কেবাটাও হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৬১২ গ্ৰাম হেৰোইন জব্দ কৰা হয়। জব্দকৃত হেৰ”ইনৰ মূল্য কেবা কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে কাছাৰ- মিজোৰাম, কাছাৰ- মণিপুৰ আৰু কৰিমগঞ্জ-মিজোৰাম সীমান্তৰে প্ৰায়ে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আহিছে একাংশ ড্ৰাগছ মাফিয়াই ৷ এই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই নিয়মীয়াভাৱে জব্দ কৰি আহিছে নিষিদ্ধ ড্ৰাগছ। তৎসত্বেও আৰক্ষীৰ চকুত ধূলি মাৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আহিছে ৷
৷