ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান ৷ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ এক গোপন সূত্ৰৰ পম খেদি অসম এছটিএফে ড্ৰাগছ সৰবৰাহকাৰী সকলক কৰায়ত্ব কৰাৰ লক্ষ্যৰে ২৭ আগষ্টত তিনিচুকীয়া জিলাত এক অভিযান চলায়। তিনিচুকীয়া জিলা আৰক্ষীৰ এটা দলেও এই অভিযানত অংশ লয়।
যুটীয়া অভিযানকাৰী দলটোৱে তিনিচুকীয়াৰ কাকপথাৰ থানা এলেকাৰ গন্ধৈগুড়ি তিনিআলিত এএছ ০৪ ৭০১০ নম্বৰৰ চুইফট ডিজায়াৰ আৰু এএছ ০১ বি ভি ৩০৯২ নম্বৰৰ মাৰুতি এল্টো গাড়ী দুখনত তালাচী চলায় ৷ এই তালাচীৰ সময়তে গাড়ী দুখনত নিৰ্মাণ কৰি লোৱা গোপন কেবিনত লুকুৱাই অনা ৫৭ টা চাবোন বাকচত মুঠ ৭০০ গ্ৰাম ওজনৰ হেৰোইন উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছৰ বজাৰমূল্য ডেৰ কোটিৰো অধিক বুলি জানিব পৰা গৈছে ৷
এই ড্ৰাগছ সৰবৰাহকাৰী তিনিজন লোক কৰিমগঞ্জৰ বাসিন্দা ৷ তেওঁলোকক মঃ ছিপ্লু আহমেদ (২৭ বছৰ), মঃ মাৰুফ আহমেদ (২৮ বছৰ) আৰু মঃ আবিদুল হক (২৪ বছৰ) বুলি চিনাক্ত কৰা হৈছে। অভিযানকাৰী এছটিএফ-ৰ দলটোৱে আটক কৰা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে তেওঁলোকৰ পৰা উদ্ধাৰ কৰি জব্দ কৰা ড্ৰাগছ , গাড়ী দুখন, নগদ ধন ১৩,৯৫০ টকা আৰু ৫ টা মোবাইল ফোন তিনিচুকীয়া আৰক্ষীক চমজাই দিয়ে ৷