ড্ৰাগছ মাফিয়াই উত্তৰ পূর্বাঞ্চলক ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ উত্তৰ-পূর্বাঞ্চলৰ মাজেৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশলৈ সৰবৰাহ কৰা হয় ড্ৰাগছ ৷ পুনৰ আৰক্ষীৰ জব্দ কৰিছে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে । মেঘালয় আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত প্ৰায় এক কিলোগ্ৰাম হেৰ’ইন জব্দ কৰা হয় ৷
গোপন তথ্যৰ ভিত্তিত ৰিভয় জিলাৰ নংপোত শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ ২৪ এ চি ১১৫২ নম্বৰৰ এখন নৈশ বাছত তালাচী চলায় আৰক্ষীয়ে ৷ এই তালাচীৰ সময়তে জব্দ কৰে ৩০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৯২১ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ৯ কোটি টকা ৷ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাচখনৰ চালক আৰু সহ-চালকৰ লগতে এজন আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছখিনি মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে গুৱাহাটী লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। ইফালে, আন এক ড্ৰাগছ বিৰোধী অভিযানত উত্তৰ গাৰো হিলছ আৰক্ষীৰ এন্টি নাৰ্কোটিকছ টাস্ক ফ’র্চে তুৰাৰ স্প্ৰিং হিলছৰ হেলিয়েল কে চাংমা নামৰ এজন লোকৰ পৰা ৩.৪ গ্ৰাম হেৰ’ইন জব্দ কৰে।