শুকুৰবাৰে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক পশ্চিম জাপানত এখন নির্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকাৰ সময়তে এজন বন্দুকধাৰীয়ে গুলীচালনা কৰি হত্যা কৰি দেশখনক স্তম্ভিত কৰি তুলিছিল। কিন্তু আবে বিশ্বৰ একমাত্ৰ নেতা নহয়, যিগৰাকী এনেদৰে হত্যাৰ বলি হৈছে ৷ সময়ে সময়ে বিশ্বৰ আগশাৰীৰ নেতাক হত্যা কৰি আহিছে আততায়ীয়ে ৷ আহকচোন জানো চলিত শতিকাত এনেদৰে হত্যাৰ বলি হোৱা কেইজনমান নেতাৰ বিষয়ে –
১৫অক্টোবৰ,২০২১– এই দিনটোত ভোটাৰৰ সৈতে বৈঠকত মিলিত হৈ থকাৰ সময়তে ব্ৰিটিছ সাংসদ ডেভিদ এমেছক ইছলামিক ষ্টেটৰ এজন সমৰ্থকে ছুৰীৰে আঘাত কৰি হত্যা কৰে।
৭ জুলাই, ২০২১: হাইটিৰ ৰাষ্ট্ৰপতি জোভেনেল ম’ইছক বন্দুকধাৰীয়ে হত্যা কৰে ৷ নিজ গৃহতে আক্ৰমণ কৰি আততায়ীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ পত্নী মাৰ্টিনকো আহত কৰে ৷হাইটিত এই আক্ৰমণৰ বাবে ৪০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে উচ্চ পদস্থ আৰক্ষী বিষয়া আৰু কলম্বিয়াৰ প্ৰাক্তন সৈনিকৰ এটা দল।
২০ এপ্ৰিল, ২০২১ : বিদ্ৰোহীৰ সৈতে যুঁজি থকাৰ সময়তে উত্তৰ প্ৰান্তৰ এটা অঞ্চলত হত্যা কৰা হয় চাদৰ ৰাষ্ট্ৰপতি ইদ্ৰিছ ডেবি ইটনো। হত্যাৰ কেইঘণ্টামান আগতে তেওঁক নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰা হৈছিল ৷ তেওঁ জীয়াই থাকিলে আৰু ছয় বছৰ ক্ষমতাত থকাৰ সময় পালেহেঁতেন।
১৯ ডিচেম্বৰ, ২০১৬: তুৰস্কত ৰাছিয়াৰ ৰাষ্ট্ৰদূত আন্দ্ৰেই কাৰ্লভক ছিৰিয়াত এজন তুৰস্কৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে ৷ এখন আর্ট প্ৰদর্শনীৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ পিছত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত নিহত হয় বন্দুকধাৰীজন।
১৬ জুন, ২০১৬: ব্ৰিটিছ সাংসদ জো কক্সক বিৰষ্টলত এজন উগ্ৰ সোঁপন্থী সমৰ্থকে গুলীয়াই হত্যা কৰে।
৬ফেব্ৰুৱাৰী, ২০১৩: টিউনিছিয়াৰ বাওঁপন্থী বিৰোধী নেতা চ’ক্ৰি বেলাইডত থকা বাসগৃহৰ বাহিৰত গুলীয়াই হত্যা কৰা হয়। তেওঁৰ হত্যাকাণ্ডৰ পিছত ছমাহৰ পিছত আন এজন বাওঁপন্থী নেতা মহম্মদ ব্ৰাহ্মীৰ হত্যাকাণ্ডই টিউনিছিয়াক ৰাজনৈতিক বিশৃংখলতাৰ মাজলৈ ঠেলি দিয়ে ৷ ইয়াৰ প্ৰভাৱ আজিও প্ৰতিধ্বনিত হৈ আছে। দুয়োটা গোচৰতে কাকো দোষী সাব্যস্ত কৰা হোৱা নাই।
১১ ছেপ্টেম্বৰ, ২০১২: লিবিয়াৰ বেংঘাজিত থকা আমেৰিকাৰ কূটনৈতিক কার্যালয়ত আক্ৰমন কৰি মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ক্ৰীছ ষ্টিভেন্সক হত্যা কৰা হয় ৷ আন তিনিজন আমেৰিকান লোকৰ মৃত্যু হয়।
২০ অক্টোবৰ , ২০১১: লিবিয়াৰ দীৰ্ঘদিনীয়া একনায়কত্ববাদী শাসক মোৱাম্মাৰ গাড্ডাফিক বিদ্ৰোহীয়ে হত্যা কৰে।
২ মাৰ্চ, ২০০৯: পশ্চিম আফ্ৰিকাৰ গুইনিয়া বিছাউৰ ৰাষ্ট্ৰপতি জোৱাও বাৰ্নাৰ্ডো ভিয়েৰাক তেওঁৰ ৰাজপ্ৰসাদত একাংশ সৈন্যই হত্যা কৰে ৷
২৭ ডিচেম্বৰ, ২০০৭: মুছলমান সংখ্যাগৰিষ্ঠ দেশ এখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ লগতে পাকিস্তানৰ দ্বিতীয়গৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী বেনাজিৰ ভুট্টোক তেতিয়া পাকিস্তানৰ ৰাৱালপিণ্ডিত এখন ৰাজনৈতিক সভাত আত্মঘাতী বোমাৰুয়ে আক্ৰমণ কৰি হত্যা কৰে ৷
১৪ ফেব্ৰুৱাৰী , ২০০৫: বেইৰুটৰ সাগৰৰ পাৰৰ বুলেভাৰ্ডত লেবাননৰ প্ৰধানমন্ত্ৰী ৰফিক হাৰিৰীৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহত হয়। এই আক্ৰমণত আৰু ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২৬ জন আহত হয়।
২৯ ডিচেম্বৰ, ২০০৩: বুৰুণ্ডিত পোপৰ ৰাষ্ট্ৰদূত আৰ্চবিশ্বপ মাইকেল কৰ্টনীক এক অন্ত্যেষ্টিক্ৰিয়াৰ পৰা উভতি অহাৰ সময়ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে ৷
১২ মার্চ,২০০৩ চন: বেলগ্ৰেডত ছাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী জোৰান জিণ্ডজিকক গুলীয়াই হত্যা কৰা হয়। ২০০০ চনৰ অক্টোবৰ মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি স্লোবোডান মিলোচেভিচক উৎখাত কৰা বিদ্ৰোহৰ তেওঁ এজন মূল নেতা আছিল।ছাৰ্বিয়াৰ আদালতৰ ৰায় অনুসৰি তেওঁৰ পশ্চিমীয়া সমৰ্থক সংস্কাৰ স্থগিত ৰাখিবলৈ কৰা এই হত্যাকাণ্ডৰ সৈতে জড়িত বাৰজন লোকক দোষী সাব্যস্ত কৰা হৈছিল।
৬ মে’, ২০০২: জনপ্ৰিয় ডাটচ ৰাজনীতিবিদ পিম ফৰ্টুইনক উত্তৰ নেদাৰলেণ্ডৰ এখন চহৰত, সাধাৰণ নিৰ্বাচনৰ কিছুদিন পূৰ্বে এজন পশু অধিকাৰ কৰ্মীয়ে গুলীয়াই হত্যা কৰে।
১ জুন, ২০০১ চন : নেপালৰ ৰজা বীৰেন্দ্ৰ পুত্ৰ ৰাজকুমাৰ দীপেন্দ্ৰই ৰাজপ্ৰসাদত পৰিয়ালৰ ওপৰত কৰা গুলীচালনাত নিহত হয়। ৰাণী ঐশ্বৰ্য, এজন ৰাজকুমাৰৰ লগতে আন ৫ জন লোক থিতাতে নিহত হয় । বিষয়াসকলে জনোৱা মতে, ৰাজকুমাৰৰ বিবাহক লৈ হোৱা বিবাদৰ পিছতে এই গুলীচালনা সংঘটিত হয় ৷
১৮ জানুৱাৰী, ২০০১: কংগোৰ ৰাষ্ট্ৰপতি লৰেণ্ট কাবিলাক ৰাজধানী কিনছাছাৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ এজন দেহৰক্ষীয়ে হত্যা কৰে ৷