দক্ষিণ-পশ্চিম চীনৰ গুইজৌ প্ৰদেশত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ ৰে’ল দুর্ঘটনা ৷ ৰে’লপথৰ পৰা লাইনচ্যুত হোৱাৰ ফলত বুলেট ৰে’লখনৰ চালকজন নিহত হোৱাৰ লগতে কমেও ৭জন যাত্ৰী আহত হয়। চীনৰ দক্ষিণ-পশ্চিম গুইয়াং প্ৰদেশৰ পৰা দক্ষিণ প্ৰদেশ গুৱাংজলৈ গৈ থকা বুলেট ট্ৰেইনখন ৰংজিয়াং ষ্টেচনত হঠাতে হোৱা ভূমিস্খলনৰ ফলত ৰেলপথৰ পৰা বাগৰি পৰে ৷
জুৱেজাই সুৰংগৰ প্ৰৱেশদ্বাৰত ৰেলখনৰ সপ্তম আৰু অষ্টম ডবা ৰেলৰ পৰা বাগৰি যায়। আহত সকলো যাত্ৰীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, আৰু বাকী ১৩৬ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। স্থানীয় উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে, আৰু দুৰ্ঘটনাৰ কাৰণ সন্দর্ভত তদন্ত চলি আছে।
গুইজৌৰ ৰংজিয়াং কাউন্টিত অৱস্থিত ৰংজিয়াং ষ্টেচনটো চেংডু ব্যুৰো অৱ চাইনা ৰে’লৱেৰ দ্বাৰা পৰিচালিত তৃতীয় শ্ৰেণীৰ ষ্টেচন। ২০১৩ চনৰ ডিচেম্বৰ মাহত ষ্টেচনটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ২০১৪ চনৰ আগষ্ট মাহত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল।২০১৪ চনৰ ২৬ ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে ষ্টেচনটোৰ সেৱা আৰম্ভ কৰা হৈছিল ৷