সময়ত কৈ আগতিয়াকৈ ঘটা শীতৰ আগমণত এইবাৰ যেন স্তব্ধ হৈ পৰিছে হিমাচল প্ৰদেশৰ জনজাতীয় এলেকা সমূহৰ সাধাৰণ লোকসকলৰ জীৱন ৷ বিশেষকৈ চাম্বা আৰু লাহাওল স্পিটি জিলাৰ প্ৰায় ৫০ত কৈয়ো অধিক পথ বৰফাবৃত হৈ বন্ধ হৈ পৰাৰ ফলত দেওবাৰ দিনটোত যেন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল অঞ্চল কেইটাৰ জনজীৱন ৷ দেওবাৰে ঠাইখনত শূন্য ডিগ্ৰী চেলছিয়াচতকৈয়ো নিম্নগামী হোৱা তাপমাত্ৰাৰ বাবেই বৰফ পৰা আৰম্ভ হৈ পথৰুদ্ধ হৈ পৰিছিল ৷অৱশ্যে আজি ঠাইকেইখনৰ তাপমাত্ৰা ৫ ৰ পৰা ৬.৫ ডিগ্ৰী চেলছিয়াচ হোৱাৰ লগতে আকাশ ফৰকাল হোৱা পৰিলক্ষিত হৈছে৷