৩১ডিচেম্বৰত দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি ৷ ইংৰাজী নৱবৰ্ষ ২০২২ক আনন্দ উল্লাসেৰে আদৰিবলৈ সাজু হোৱা ৰাজ্য বাসীক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আগতিয়াকৈ সাৱধান কৰি দিছে ৷
সমগ্ৰ ৰাজ্যবাসীক সকীয়নি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে-
- ৩১ ডিচেম্বৰৰ দিনা কোনোবাই সুৰাপান কৰে ,পাৰ্টী কৰে কৰক আপত্তি নাই কিন্তু গাড়ী চলোৱা মানুহজন মদ নোখোৱা হ’ব লাগিব ৷
- সুৰাপায়ী চালকৰ গাড়ীত উঠাজনো পৰিব বিপদত ৷
- আৰক্ষীৰ অতিথি হ’ব লাগিব নিয়ম নমনা লোকসকল ৷