স্তন কেন্সাৰত আক্ৰান্ত হৈছে অভিনেত্ৰী হিনা খান। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা সদৰী কৰিছে ৷ হিনাই কয় যে চিকিৎসা আৰম্ভ হৈছে। লগতে অনুৰাগীসকলক তেওঁৰ ব্যক্তিগত গোপনীয়তা অক্ষত ৰাখিবলৈ অনুৰোধ জনায়।কিন্তু কেবল হিনা খান নহয়, বলিউড আৰু সৰু পর্দাৰ কেইবা গৰাকীয়ো জনপ্ৰিয় অভিনেত্ৰীয়ে জয় কৰিছে কর্কট ৰোগক ৷
কিছুদিন পূৰ্বে অভিনেত্ৰী মহিমা চৌধুৰীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ কথা প্ৰকাশ কৰিছিল। স্তন কেন্সাৰৰ ৰোগ ধৰা পৰিছিল তেওঁৰ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ইটোৰ পিছত সিটোকৈ চিনেমাৰ প্ৰস্তাৱ নাকচ কৰিছিল। কিন্তু তেওঁ নিজৰ যুঁজখন বন্ধ নকৰিলে। এফালে নিয়মীয়া চিকিৎসা আৰু আনফালে মানসিক শক্তিৰে তেওঁ এই মাৰাত্মক ৰোগক জয় কৰিছিল।
অভিনেত্ৰী সোণালী বেন্দ্ৰে ২০১৮ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ কৰে। তেওঁ মেটাষ্টেটিক কেন্সাৰত আক্ৰান্ত আছিল। এই ক্ষেত্ৰত কেন্সাৰ কোষবোৰ দ্ৰুতগতিত সমগ্ৰ শৰীৰত বিয়পি পৰে। প্ৰথমতে অভিনেত্ৰীগৰাকীয়ে বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ ইমান জটিল ৰোগত আক্ৰান্ত। পিছলৈ অৱশ্যে তেওঁ নিজেই এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিভিন্ন অভিজ্ঞতা ছ’চিয়েল মিডিয়াত দাঙি ধৰে। কেন্সাৰ চিকিৎসাৰ বাবে নিউয়ৰ্কলৈ গৈছিল সোণালী।
অভিনেত্ৰী কিৰণ খেৰৰ এক প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰিছিল। এই কেন্সাৰ প্লাজমা কোষলৈ বিয়পে। অভিনেত্ৰীগৰাকীৰ স্বামী তথা অভিনেতা অনুপম খেৰে এই বিৰল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এই কেন্সাৰ শৰীৰৰ একাধিক হাড়ত থকা প্লাজমা কোষৰ জৰিয়তে বিয়পে। জটিল ৰোগত আক্ৰান্ত হৈও কিৰণে কাম বন্ধ কৰা নাছিল ৷
অভিনেতা আয়ুষ্মান খুৰানাৰ পত্নী তথা পৰিচালক তাহিৰা কাশ্যপ ২০১৮ চনত স্তন কেন্সাৰত আক্ৰান্ত হৈছিল। তেওঁ ছ’চিয়েল মিডিয়াত এই যুঁজৰ বিভিন্ন অভিজ্ঞতাক আলোকপাত কৰিছে। তাহিৰাই অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপিৰ পিছত নিজৰ এখন ছবিও শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীৰ এই পদক্ষেপে বহু কৰ্কট ৰোগীক সাহস দিয়ে।
অভিনেত্ৰী লিজা ৰয় হাড়ৰ মজ্জাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ উপৰিও ই এক বিৰল প্ৰকাৰৰ কৰ্কট ৰোগ। প্ৰথমতে লিজাই কেন্সাৰত আক্ৰান্ত হোৱাৰ খবৰ গোপন কৰি ৰাখিছিল। চিকিৎসাৰ লগতে তেওঁ কাম কৰি আছিল। এই বিৰল কেন্সাৰৰ পৰা সুস্থ হোৱাটো সহজ নাছিল। গতিকে মৃত্যুমুখী ৰোগ অতিক্ৰম কৰি তেওঁ বহু লোকৰ বাবে প্ৰেৰণা হৈ পৰিল।
২০১২ চনৰ নৱেম্বৰ মাহত অভিনেত্ৰী মনীষা কৈৰালাৰ কৰ্কট ৰোগ ধৰা পৰিছিল। ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল তেওঁৰ। চিকিৎসাৰ বাবে তেওঁ আমেৰিকালৈ গৈছিল। কেন্সাৰৰ পৰা সুস্থ হৈ উঠা তেওঁ এই সমগ্ৰ যাত্ৰাৰ ওপৰত ‘হিল্ড: হাউ কেন্সাৰ গিভ মি নিউ লাইফ’ নামৰ গ্ৰন্থ প্ৰকাশ কৰিছে । কেন্সাৰ ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছত পুনৰ কৰ্মৰত অভিনেত্ৰীগৰাকী। ‘হিৰামণ্ডি’ ছিৰিজত তেওঁৰ অভিনয়ৰ শলাগ লোৱা হৈছে।
প্ৰবীণ অভিনেত্ৰী মুমতাজ ২৫ বছৰ পূৰ্বে স্তন কেন্সাৰত আক্ৰান্ত হৈছিল। কেইবছৰমান আগতে ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল। সেই সময়ত তেওঁক কেৱল সোঁহাতত ড্ৰিপ দিয়া হৈছিল। ২৫ বছৰ পূৰ্বে কেন্সাৰৰ পিছত বাওঁহাতৰ পৰা লিম্ফ ন’ড আঁতৰাই পেলোৱা হৈছিল। সেইবাবেই বাওঁহাতত বেজী এটাও ল’ব পৰা নাছিল।
দক্ষিণ অভিনেত্ৰী হামছা নন্দিনী ২০২১ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। হামছাই নিজেই কেন্সাৰৰ সৈতে যুঁজ দিয়াৰ কথা প্ৰকাশ কৰে। কেন্সাৰক জয় কৰি তেওঁ পুনৰ কাম কৰিবলৈ আৰম্ভ কৰে ৷
‘কাইট’ ছবিখনত হৃতিক ৰোশনৰ সৈতে অভিনয় কৰিছিল অভিনেত্ৰী বাৰ্বাৰা ম’ৰীয়ে। ২৯ বছৰ বয়সত বাৰ্বাৰাৰ স্তন কেন্সাৰ ধৰা পৰিছিল। প্ৰথম পৰ্যায়তে কৰ্কট ৰোগ ধৰা পৰিছিল। গতিকে মাৰাত্মক ৰোগৰ পৰা সুস্থ হ’বলৈ বেছি সময় নালাগিল। কেন্সাৰ সজাগতাত তেওঁ উল্লেখযোগ্যভাৱে সক্ৰিয় আছিল।
‘পুনৰবিবাহ’ খ্যাতিৰ অভিনেত্ৰী শ্বাগুফতা আলীও স্তন কেন্সাৰত আক্ৰান্ত হৈছিল। ২০ বছৰ পূৰ্বে তেওঁৰ কৰ্কট ৰোগ ধৰা পৰিছিল। সেই সময়ত কেন্সাৰ চিকিৎসা কৰিবলৈ তেওঁৰ আৰ্থিক অৱস্থা ভাল নাছিল। তেওঁ গহনা বিক্ৰী কৰি সেই ধনেৰে নটা কেমোথেৰাপি চিকিৎসা কৰে। কিন্তু সেই যুঁজৰ পিছত শ্বাগুফতাই পুনৰ নিজৰ কামত যোগ দিলে।
২০২২ চনত সৰু পৰ্দাৰ অভিনেত্ৰী ছবি মিট্টালৰ কৰ্কট ৰোগ ধৰা পৰিছিল। এই কঠিন সময়ত তেওঁ কেনেধৰণৰ প্ৰতিকূলতাৰ মাজেৰে পাৰ হৈছিল সেয়া প্ৰকাশ কৰিছিল ৷