ইংৰাজীৰ বিকল্প হ’ব লাগে হিন্দী ৷ বিশেষকৈ সুকীয়া ভাষা কোৱা ৰাজ্যৰ লোকসকলে এজনে আনজনৰ সৈতে কথা পতাৰ সময়ত ব্যৱহাৰ কৰিব লাগে ৷ এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ সংসদীয় চৰকাৰী ভাষা সমিতিৰ অধ্যক্ষ শ্বাহে সদস্যসকলক কয় যে কেন্দ্ৰীয় কেবিনেটৰ কাৰ্যসূচীৰ ৭০ শতাংশই বর্তমান হিন্দীত প্ৰস্তুত কৰা হৈছে।
শ্বাহৰ উদ্ধৃতিৰে গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে যে চৰকাৰী ভাষাৰে চৰকাৰী কার্যালয়সমূহৰ কাম-কাজ চলোৱা হ’ব ৷ ইয়াৰ জৰিয়তে নিশ্চিতভাৱে হিন্দীৰ গুৰুত্ব বৃদ্ধি পাব । তেওঁ কয় যে চৰকাৰী ভাষাক দেশৰ ঐক্যৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে ৷ তেওঁ লগতে কয় যে যেতিয়া আন ভাষা কোৱা ৰাজ্যসমূহৰ নাগৰিকসকলে ইজনে সিজনৰ সৈতে কথা বতৰা পাতে তেতিয়া ভাৰতীয় ভাষা ব্যৱহাৰ কৰিব লাগে ৷
শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত ২২,০০০ হিন্দী শিক্ষক নিয়োগ কৰা হৈছে। লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ নটা জনজাতীয় সম্প্ৰদায়ে তেওঁলোকৰ উপভাষাৰ লিপি দেৱনাগৰীলৈ ৰূপান্তৰ কৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই দশম শ্ৰেণীলৈকে বিদ্যালয়সমূহত হিন্দী বাধ্যতামূলক কৰিবলৈ সন্মত হৈছে ৷শ্বাহে সংসদীয় চৰকাৰী ভাষা সমিতিৰ ৩৭ তম বৈঠকত সভাপতিত্ব কৰে ৷