কাবুলৰ পৰা আজি বিশেষ বিমানেৰে ওভতাই অনা হ’ব ১১০ গৰাকী হিন্দু আৰু শিখ ব্যক্তিক ৷ওভতি আহিব লগীয়া লোকসকলৰ ভিতৰত আছে ভাৰতীয় আৰু আফগানী নাগৰিক ৷
এই লোকসকলৰ লগতে অফগানিস্তানৰ ঐতিহাসিক গুৰুদ্বাৰৰ পৰা তিনিখন গুৰু গ্ৰন্থ ছাহিব আৰু কাবুলত থকা পঞ্চম শতিকাৰ আশামাই মন্দিৰৰ পৰা ৰামায়ন, মহাভাৰত আৰু ভাগৱত গীতাও ভাৰতলৈ অনা হ’ব ৷ শিখ ধর্মৰ পবিত্ৰ গ্ৰন্থকেইখন মহাবীৰ নগৰৰ গুৰু অর্জন দেৱৰ গুৰুদ্বাৰলৈ লৈ যোৱা হ’ব ৷ আনহাতে, হিন্দু ধর্মৰ পবিত্ৰ গ্ৰন্থকেইখন ফৰিদাবাদত থকা আশামাই মন্দিৰত ৰখা হ’ব ৷ ইণ্ডিয়া ৱর্ল্ড ফ’ৰামে প্ৰকাশ কৰা অনুসৰি আফগান নাগৰিকসকলক ছবটি ফাউণ্ডেচনে পুনৰ সংস্থাপন কৰিব ৷ আফগানিস্তানত তালিবান আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘর্ষৰ সুত্ৰপাত ঘটাৰ পাছত বর্তমানলৈ ৫৬৫ জন ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰ ৷